নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুৱা ৫–দুপৰীয়া ২ বজাত–নিশা ১২ বজাতো সক্রিয় থাকিব চৰকাৰ

মুখ্যমন্ত্রী ৰূপে শপত লৈ প্রথমখন সংবাদ মেলত ড০ শর্মা

নিয়মীয়া বাৰ্ত ১১ মেঃ অসমক বানমুক্ত আৰু ক’ভিডমুক্ত কৰাৰ লক্ষ্যৰে প্রথম দিনটোৰ পৰাই কাম কৰাৰ কথা ঘোষণা কৰিলে ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ পঞ্চদশ মুখ্যমন্ত্রী ৰূপে শপতগ্রহণ কৰি ৰাজ্যবাসীক উদ্দেশ্যি মুখ্যমন্ত্রীগৰাকীয়ে  কয়– ক’ভিড পৰিস্থিতিৰ লগতে বানমুক্ত অসম গঢ়াৰ যি সপোন, তাক বাস্তৱায়িত কৰাৰ দিশত নতুন চৰকাৰে কাম আৰম্ভ কৰিব৷ ক’ভিড পৰিৱেশৰ লগতে আমি প্রদান কৰি অহা নির্বাচনী প্রতিশ্রুতিসমূহ কালিৰে পৰা আলোচনা কৰি নির্ধাৰিত সময়সীমা সন্মুখত ৰাখি আমি আমাৰ কামত আগবাঢ়ি যাম৷ উল্লেখ্য যে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত সোমবাৰে এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত ১৩গৰাকী কেবিনেট মন্ত্রীৰ সৈতে ৰাজ্যৰ নতুন মুখ্যমন্ত্রী ৰূপে  শপতগ্রহণ কৰে ড০ হিমন্ত বিশ্ব শর্মাই৷

এই শপতগ্রহণৰ পাছতে এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– নতুন চৰকাৰৰ প্রথম কামটোৱেই হ’ব ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰা৷ ক’ভিড নিয়ন্ত্রণৰ সমান্তৰালকৈ আন আন প্রতিশ্রুতিসমূহ পূৰণ কৰাটো হ’ব আমাৰ গুৰুদায়িত্ব৷ শপতগ্রহণৰ ২৪ ঘণ্টাৰ ভিতৰতে এখন কার্যক্ষম চৰকাৰ ৰাজ্যবাসীয়ে দেখিবলৈ পাব৷ তেওঁ কয়– প্রত্যাহ্বান যিমানেই নাথাকক কিয়, প্রত্যাহ্বানে মানুহক কাম কৰাৰ হেঁপাহ আনি দিয়ে৷ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ প্রসংগত মুখ্যমন্ত্রীয়ে কয়– ক’ৰোনা পৰিৱেশ বর্তমান ৰাজ্যত জটিল যদিও ই নিয়ন্ত্রণাধীন৷ বর্তমান আমি দেখিবলৈ পাইছোঁ যে প্রতিদিনে ৫ হাজাৰকৈ ৰাজ্যখনত ক’ৰোনা আক্রান্ত চিনাক্ত হৈছে৷ আমাৰ মুখ্য কাম হ’ব ৰাজ্যখনৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰা৷ অসমৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্রিত হ’লেহে উত্তৰ–পূবৰ আন ৰাজ্যৰ ক’ভিড সংক্রমণ নিয়ন্ত্রণ হ’ব৷

সেয়েহে আজি হ’ব লগা প্রথমখন কেবিনেটত ক’ভিড পৰিস্থিতিৰ প্রসংগক মুখ্য স্থান দিয়া হ’ব৷ আনহাতে, স্বাস্থ্যমন্ত্রী হিচাপে বিগত সময়ছোৱাত যি ধৰণে ক’ভিড পৰিস্থিতি নিয়ন্ত্রণ কৰিছিল, মুখ্যমন্ত্রী হিচাপেও পূর্বৰ দৰেই ক’ভিড নিয়ন্ত্রণৰ ক্ষেত্রত তেওঁ নামি পৰিব বুলি পুনৰ স্পষ্ট কৰি দিয়ে৷ মুখ্যমন্ত্রী শর্মাৰ স্পষ্ট মন্তব্য– স্বাস্থ্যমন্ত্রী নহয়, মুখ্যমন্ত্রীৰ লগতে আন মন্ত্রীসকল আৰু বিধায়কসকলে পূর্বৰ দৰেই ক’ভিড নিয়ন্ত্রণৰ কামত নামি পৰিব৷ এই চৰকাৰখন প্র’ এক্টিভ চৰকাৰ হ’ব৷ পুৱা ৫ বজাত, দুপৰীয়া ২ বজাত আৰু নিশা ১২ বজাতো সক্রিয় হৈ থাকিব চৰকাৰ৷ আনহাতে, আজি সংবাদ মেলত নির্বাচনী প্রতিশ্রুতি অনুসৰি এক লাখ যুৱক–যুৱতীক চাকৰি প্রদান, অৰুণোদয় আঁচনিক নতুন মাত্রা প্রদান আৰু মাইক্র’ ফাইনেঞ্চৰ ঋণৰ পৰা মুক্ত কৰাৰ যি আশ্বাস আছিল, তাক পূৰণ কৰাৰ দিশতো নতুন চৰকাৰে কাম কৰিব বুলি আজি স্পষ্ট কৰিলে মুখ্যমন্ত্রীগৰাকীয়ে৷

ইফালে, আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীগৰাকীয়ে কয়– যোৱা পাঁচটা বছৰত অসমৰ ৰাইজে শান্তি–প্রগতি আৰু বিকাশৰ নতুন ধাৰা দেখিছে৷ বড়োভূমি আৰু কার্বি পাহাৰত যোৱা সময়ছোৱাত শান্তি প্রতিষ্ঠা হৈছে৷ এই শান্তিৰ বাতাৱৰণক আগত ৰাখিয়েই আমি নতুন মন্ত্রীসভাখনে ৰাজ্যখনত ৰৈ যোৱা আন সশস্ত্র সংগঠনসমূহকো শান্তি আলোচনাৰ মাজলৈ উভতি আহিবলৈ আৰু আলোচনালৈ আহিবলৈ আহ্বান জনাম৷ বিশেষকৈ আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অনুৰোধ কৰিম যে তেওঁ সশস্ত্র পন্থা পৰিত্যাগ কৰি স্থায়ী শান্তি ওভতাই অনাৰ বাবে আগবাঢ়ি আহক৷ আমি সকলোৱে এই প্রচেষ্টা গ্রহণ কৰিব লাগিব৷ হত্যা, হিংসা আদিয়ে সমস্যা অধিক জটিল কৰে৷ মই বিশ্বাস কৰোঁ যে আহিব লগা পাঁচ বছৰত আমাৰ জাতীয় জীৱনলৈ শান্তি ওভতাই আনিবলৈ সক্ষম হ’ম৷

আনহাতে, পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিবলৈ চৰকাৰে নতুন নীতি গ্রহণ কৰিব নেকি বুলি উত্থাপিত এক প্রশ্ণ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– আলোচনা তথা শান্তি প্রক্রিয়ালৈ আহিবলৈ দুয়োটা পক্ষৰ মাজত কথা–বতৰা হ’ব লাগিব৷ শান্তি–প্রক্রিয়া গঢ়িবলৈ আমাৰ মন আছে৷ যদি পৰেশ বৰুৱাৰো মন আছে, তেন্তে তেওঁৰ সৈতে যোগাযোগ হোৱাটো ডাঙৰ কথা নহয়৷

ইফালে, এন আৰ চিৰ প্রসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয়– এন আৰ চিৰ ক্ষেত্রত সীমান্ত জিলাসমূহত ২০ শতাংশ পুনৰীক্ষণৰ পোষকতা কৰোঁ আমি৷ সীমান্তৰ জিলাসমূহক বাদ দি আন জিলাসমূহত ১০ শতাংশ পুনৰীক্ষণ হোৱাটো বিচাৰোঁ৷ যদি এই পুনৰীক্ষণৰ পাছত এন আৰ চিৰ পুৰণি নথিখনেই শুদ্ধ হয়, তেন্তে ৰাজ্য চৰকাৰে বর্তমানৰ এন আৰ চিখনক মানি লৈ পৰৱর্তী ব্যৱস্থাৰে আগবাঢ়িব৷ কিন্তু যদি পুনৰীক্ষণৰ সময়ত বৃহৎ খেলিমেলি দেখা পোৱা যায়, তেন্তে উচ্চতম ন্যায়ালয়ে যেন ইয়াৰ ওপৰত এক নতুন দৃষ্টি নিক্ষেপ কৰে, সেই দিশটোৰ পোষকতা কৰিছোঁ৷ জনজাতিকৰণৰ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী শর্মাই কয়– বর্তমানৰ জনজাতিসকলৰ আৱেগ আৰু অনুভূতিক খর্ব নকৰাকৈ আলাপ–আলোচনাৰ পৰিৱেশৰ মাজেৰে জনজাতিকৰণৰ সমস্যাও সমাধান কৰা হ’ব৷ যোৱা চৰকাৰখনৰ কার্যকালত জনজাতিকৰণৰ ক্ষেত্রত উদ্ভৱ হোৱা কেইবাটাও সমস্যাৰ আমি সমাধান সূত্র উলিয়াইছিলোঁ৷ মই নিশ্চিত যে কোনোবা এটা সমাধানৰ সূত্র আগত ৰাখি আমি আগবাঢ়ি যাবলৈ সক্ষম হ’ম৷

ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ বিষয়টো দাঙি ধৰি মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ বর্তমান বিত্তীয় পৰিস্থিতি যথেষ্ট সুস্থিৰ৷ এতিয়াও ৰাজকোষত সাত হাজাৰ কোটি টকা জমা আছে৷ এখন চৰকাৰ চলাই নিবলৈ এনে বিত্তীয় দিশ যথেষ্ট টনকিয়াল হৈ আছে৷ আমাৰ উন্নয়ন আৰু বিকাশৰ কামসমূহ সমাধান কৰিবলৈ অথবা আগবাঢ়ি যাবলৈ আমি সক্ষম হ’ম৷ মই সকলোকে আশ্বস্ত কৰিব বিচাৰোঁ যে বর্তমান ৰাজ্যৰ বিত্তীয় দিশ যথেষ্ট সুস্থিৰ৷ আনহাতে, খিলঞ্জীয়াৰ ভিত্তিবর্ষ প্রসংগত উত্থাপিত আন এক প্রশ্ণৰ উত্তৰ প্রদান কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ক’ৰোনা পৰিৱেশৰ পৰা ৰাজ্যবাসী মুক্ত হোৱাৰ পাছতেই এনেবোৰ বিষয় ৰাইজৰ সৈতে আলাপ–আলোচনা কৰি অসমৰ অস্তিত্বৰ প্রসংগত সিদ্ধান্ত গ্রহণ কৰিম৷

আগন্তুক পাঁচটা বছৰত অসমৰ সকলো অমীমাংসিত সমস্যাৰ সমাধান আনিবলৈ আমি চেষ্টা কৰিম৷ ৰাজ্যত চলি থকা নাৰী নির্যাতন, হত্যা, ধর্ষণৰ প্রসংগত  মুখ্যমন্ত্রীগৰাকীৰ স্পষ্ট মন্তব্য– এনেধৰণৰ ঘটনা যিকোনো পর্যায়তে বন্ধ হ’ব লাগিব৷ এই ঘটনাৰ লগত জড়িত দোষীক শাস্তি প্রদান কৰা আমাৰ প্রথম আৰু প্রধান লক্ষ্য হ’ব৷ মই নিশ্চিত কৰিব খোজোঁ যে যোৱা সময়ছোৱাত যিবোৰ নাৰী নির্যাতন, ধর্ষণ–হত্যাৰ ঘটনা সংঘটিত হৈছে, সেই আটাইবোৰ ঘটনাৰ লগত জড়িত দোষীক বিচাৰি উলিওৱাৰ লগতে শাস্তি প্রদান কৰা হ’ব৷

অসমক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অধিষ্ঠিত কৰা হ’ব বুলি পূর্বে কৰা ঘোষণাৰ প্রসংগতো  মুখ্যমন্ত্রীগৰাকীয়ে কয়– ইতিমধ্যে অসমে এই পথেৰে আগবাঢ়িছে৷ শিক্ষা, স্বাস্থ্যৰ ক্ষেত্রতেই হওক, মুঠ ঘৰুৱা উৎপাদনৰ ক্ষেত্রতেই হওক, আন্তঃগাঁথনিৰ ক্ষেত্রতেই হওক প্রায় সকলো দিশত অসম ধাৱমান হৈছে৷ নতুন চৰকাৰৰ প্রথমখন বাজেটত এই লক্ষ্যৰে পদক্ষেপ গ্রহণ কৰা হ’ব৷ বিগত পাঁচটা বছৰত অসমক শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ এখন ৰূপে গঢ়াৰ বাবে যি বুনিয়াদ তৈয়াৰ কৰা হৈছিল, আগন্তুক পাঁচ বছৰত সেই দিশত আমি অধিক আগুৱাই যাবলৈ সক্ষম হ’ম৷

You might also like