নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিডৰ টিকা ল’লে কোহলি- ঈশান্তে

নিয়মীয়া বাৰ্তা ১১ মেঃ  মহামাৰী ক’ভিড–১৯য়ে সমগ্র দেশতে কালৰূপ ধাৰণ কৰাৰ সময়তে আজি ক’ভিড–১৯ৰ প্রথম পালি টিকা গ্রহণ কৰে বিৰাট কোহলি আৰু ঈশান্ত শর্মাই৷ টীম ইণ্ডিয়াৰ অধিনায়ক কোহলিয়ে মুম্বাইৰ এখন চিকিৎসালয়ত টিকা গ্রহণ কৰাৰ বিপৰীতে তাৰকা বেগী বলাৰ ঈশান্তে পত্নী প্রতিমা সিঙৰ সৈতে নতুন দিল্লীৰ এখন চিকিৎসালয়ত ক’ভিডৰ প্রথম পালি টিকা গ্রহণ কৰে৷ তাৰকা দুগৰাকীয়ে ছ’চিয়েল মিডিয়াত ভেকচিন গ্রহণৰ ফটো শ্বেয়াৰ কৰিছে৷

উল্লেখ্য যে ভাৰতীয় টেষ্ট দলৰ সহঃ অধিনায়ক আজিংক্য ৰাহানে, অভিজ্ঞ বেগী বলাৰ উমেশ যাদৱ আৰু তাৰকা অ’পেনাৰ শিখৰ ধাৱনে ইতিমধ্যে ক’ভিড–১৯ৰ প্রথমপালি টিকা গ্রহণ কৰিছে৷ প্রায় ডেৰ মাহজোৰা ব্যস্ত ক্রিকেট সূচী লৈ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়া অহা ২ জুনত ইংলেণ্ড অভিমুখে ৰাওনা হ’ব৷ ইয়াৰ পূর্বে ভাৰতীয় দলৰ আটাইকেইগৰাকী সদস্যই ক’ভিড–১৯ৰ টিকা গ্রহণৰ সম্ভাৱনা আছে৷

You might also like