নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মটক ৰজা সৰ্বানন্দ সিংহৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি মুকলি সৰ্বানন্দ সোণোৱালৰ

🎯সৰ্বানন্দ সিংহই কৰ্মচেতনা, ভাতৃত্ববোধ-সুশাসনেৰে আদৰ্শ সমাজ গঢ়াৰ পথ প্ৰশস্ত কৰি গৈছে

🎯অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ সৰ্বাংগীণ উন্নয়ন, ঐতিহ্য-সংস্কৃতিৰ সুৰক্ষাত বিজেপি চৰকাৰে সদায়েই গুৰুত্ব দি আহিছে : সোণোৱাল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মে’ : মটক ৰজা সৰ্বানন্দ সিংহৰ ২২২সংখ্যক পুণ্যতিথি উপলক্ষে আজি তিনিচুকীয়াত মটক ৰাজবংশ উন্নয়ন সমিতিৰ উদ্যোগত আৰু সদৌ অসম মটক সন্মিলনৰ সহযোগত আয়োজিত বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰে আৰু স্বৰ্গদেউজনাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। মটক ৰজা সৰ্বানন্দ সিংহৰ কৰ্মৰাজি আৰু জীৱন পৰিক্ৰমা সামৰি সোণোৱালে ভাষণ প্ৰসংগত কয়, “প্ৰথিতযশা মটক স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱে কৰ্মচেতনা, ভাতৃত্ববোধ আৰু সুশাসনৰ জৰিয়তে এখন আদৰ্শ সমাজ গঢ়াৰ পথ প্ৰশস্ত কৰি থৈ গৈছে। তেওঁ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি বিভিন্ন প্ৰজাহিতকৰ পদক্ষেপ গ্ৰহণ কৰিছিল আৰু সমন্বয়ৰ সঞ্চাৰ কৰিছিল। বেংমৰাত অৰ্থাৎ এতিয়াৰ তিনিচুকীয়াত ৰাজধানী পাতি সৰ্বানন্দ সিংহই ইতিহাসৰ পাতত স্বৰ্ণিল আখৰেৰে নাম লিপিবদ্ধ কৰি থৈ গৈছে। তেওঁৰ বীৰত্ব, অদম্য সাহস, নেতৃত্ব আৰু স্বদেশ-স্বজাতিৰ প্ৰতি থকা দায়বদ্ধতাই মটক জনগোষ্ঠীৰ লগতে অসমীয়া জাতিক উদ্বুদ্ধ কৰি আহিছে। দেশৰ হকে, জাতিটোৰ হকে সমৰ্পিত সেৱা আগবঢ়াই যাবলৈ স্বৰ্গদেউৰ আশিস আমাৰ শিৰত সদায় বিৰাজমান হৈ থাকক, তাৰেই কামনা কৰিলোঁ।” সোণোৱালে লগতে কয়, “মটক জনগোষ্ঠী অসমৰ এটি শক্তিশালী জনগোষ্ঠী। অসমৰ জাতীয় জীৱনৰ প্ৰতিটো গুৰুত্বপূৰ্ণ দিশতে জনগোষ্ঠীটোৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সৰ্বানন্দ সিংহৰ মহৎ আদৰ্শ আৰু অতুলনীয় কৰ্মৰাজিক সাৰোগত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অমৃতকালত এখন বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্পক বাস্তৱায়িত কৰাৰ দিশত সক্ৰিয় ভূমিকা ল’বলৈ মটক জনগোষ্ঠীৰ লোকসকলক আহ্বান জনালোঁ। বিভিন্ন জাতি-জনগোষ্ঠী শক্তিশালী হোৱা মানেই অসম শক্তিশালী হোৱা আৰু অসম শক্তিশালী হোৱা মানেই ভাৰত শক্তিশালী হোৱা। অতীতক নাযাবা পাহৰি- এই কথাষাৰ আমি মৰ্মে মৰ্মে উপলব্ধি কৰিব লাগিব আৰু আমাৰ চহকী ঐতিহ্য-পৰম্পৰা, সংস্কৃতিৰ সুৰক্ষা, সংৰক্ষণ আৰু প্ৰসাৰৰ বাবে বদ্ধপৰিকৰ হ’ব লাগিব। অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ সৰ্বাংগীণ উন্নয়ন, ঐতিহ্যৰ সুৰক্ষা আদি ক্ষেত্ৰত বিজেপি চৰকাৰে সদায়েই গুৰুত্ব দি আহিছে। আগন্তুক দিনবোৰতো জাতি-মাটি-ভেটি ৰক্ষাৰ বাবে ন উদ্যমেৰে কাম কৰি যাবলৈ আমি দৃঢ় সংকল্পবদ্ধ।” অনুষ্ঠানটোত লগতে উপস্থিত থাকে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, কাৰ্যকৰী সভাপতি বৈকুণ্ঠ গোহাঁই, সম্পাদক সৰোজ গোহাঁই, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ অধ্যক্ষ পুলক গোহাঁই, তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল।

You might also like