নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাৰ মালিবাৰী বজাৰত অগ্নিনিৰ্বাপক বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ২৪ মে’ : কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত মন্দিৰা আৰক্ষী চকীৰ এলেকাধীন পুৰাণ মালিবাৰীত যোৱানিশা সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড৷ প্ৰাপ্ত তথ্য মতে, পুৰাণ মালিবাৰী বজাৰ চাৰিআলি চ’কৰ এখন ৰেষ্টুৰেণ্টৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি মুহূৰ্ততে বজাৰখনৰ ক্ৰমে গোলক মণ্ডলৰ কাপোৰ দোকান, প্ৰহ্লাদ দাসৰ মনোহাৰী দোকান, মাণিক ৰয়ৰ জোতা-চেণ্ডেল, বেগ, নেটৰ দোকান, পৰাণ মণ্ডলৰ কাপোৰৰ লগতে মনহাৰী দোকান, নগৰবাসী মণ্ডলৰ ৰেষ্টুৰেণ্ট আদি কেবাখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় আৰু কেবালাখ টকাৰ ক্ষয়ক্ষতি হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ফলত। জুইৰ সূত্ৰপাত ঘটা মাত্ৰেই একাংশই অগ্নিনিৰ্বাপক বাহিনীক ফোন যোগে অৱগত কৰিছিল যদিও খবৰ পাইও জুই নুমুওৱা বাহন ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ ৰাইজৰ। অৱশেষত ৰাইজে হাতে-হাতে বাল্টি, চৰিয়া আদি লৈ পানী ছটিয়াইহে কোনোমতে জুইকুৰা নুমুৱাবলৈ সক্ষম হয় যদিও ইতিমধ্যে সকলো শেষ হয় এই অগ্নিকাণ্ডত। খবৰ পায়ো ঘটনাস্থলীত উপস্থিত নহোৱাত ৰাইজ ক্ষোভিত হৈ অগ্নিনিৰ্বাপক বাহিনীৰ বিৰুদ্ধে আজি বিভিন্ন শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাৱস্ত কৰে। শীঘ্ৰে অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক চৰকাৰ তথা সংশ্লিষ্ট বিভাগলৈ ক্ষতিপূৰণৰ আদায় দিয়া আৰু অঞ্চলটোত অগ্নিনিৰ্বাপক কেন্দ্ৰ এটা স্থাপনৰ দাবী জনাইছে প্ৰতিবাদকাৰী ৰাইজে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like