নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত জি-২০ : বাইডেনৰ উপস্থিতিত অনিশ্চয়তা!

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ভাৰতৰ অধ্যক্ষতাত নতুন দিল্লীত অনুষ্ঠিতব্য জি–২০ শীর্ষ সন্মিলন মহাতাৰকাশূন্য হ’ব নেকি? বিশ্বৰ শক্তিশালী ৰাষ্ট্রৰ অন্যতম চীনৰ ৰাষ্ট্রপতি ঝি জিনপিং আৰু ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে জি–২০ শীর্ষ সন্মিলনত অংশ নলয় বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনেও ভাৰতত অনুষ্ঠিত জি–২০ সন্মিলনত অংশগ্রহণক লৈ অনিশ্চয়তা আহি পৰিছে৷ ৰাছিয়াৰ ৰাষ্ট্রপতি পুটিন আৰু চীনৰ ৰাষ্ট্রপতি জিনপিঙে জি–২০ সন্মিলনত তেওঁলোকৰ স্থানত অন্য মন্ত্রীক প্রতিনিধি হিচাপে প্রেৰণৰ সিদ্ধান্ত ঘোষণা কৰিছে৷ কিন্তু মার্কিন ৰাষ্ট্রপতি বাইডেনে ভাৰতলৈ অহাটো প্রায় নিশ্চিত আছিল৷ ইতিমধ্যে আইটিচি মৌর্যত ৰাষ্ট্রপতি বাইডেনৰ বাবে ৪০০ কোঠা সাজু কৰি ৰাখিছে যদিও সম্প্রতি বাইডেন অহাক লৈ অনিশ্চয়তা আহি পৰিছে৷ মার্কিন ৰাষ্ট্রপতি বাইডেনে জি–২০ সন্মিলনত অংশগ্রহণৰ অনিশ্চয়তাৰ প্রধান কাৰণ হৈছে তেওঁৰ পত্নী তথা ফার্ষ্ট লেডী জিল বাইডেন ক’ভিডত আক্রান্ত হৈছে৷ সোমবাৰে ফার্ষ্ট লেডী জিল বাইডেন ক’ভিডত আক্রান্ত হৈছে যদিও ৰাষ্ট্রপতি বাইডেন ক’ভিড নিগেটিভ বুলি হোৱাইট হাউছে প্রকাশ কৰিছে৷ ৭২ বছৰীয়া জিল বাইডেনৰ ক’ভিডৰ মৃদু লক্ষণত আক্রান্ত হৈছে৷ ৰাষ্ট্রপতি বাইডেনৰ সৈতে ফার্ষ্ট লেডীগৰাকী ডেলাৱাৰেৰ ৰিহ’বুথ বীচৰ বাসভৱনত আছে৷ এনে কাৰণত ৰাষ্ট্রপতি বাইডেনৰ ক’ভিডত আক্রান্তৰ সম্ভাৱনা প্রকট হৈ আছে৷ ৮০ বছৰীয়া ৰাষ্ট্রপতি বাইডেনৰ সোমবাৰে সন্ধিয়া ক’ভিড পৰীক্ষণত নিগেটিভ ওলালেও তেওঁক নিয়মীয়াভাৱে পৰীক্ষণ চলাই থকা হৈছে, লক্ষণসমূহ নিৰীক্ষণ কৰি থকা হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রত বিগত কেইবাদিনো ধৰি ক’ভিডত আক্রান্তৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিতত দেশখনত ক’ভিডক লৈ সতর্কতা বৃদ্ধি কৰা হৈছে৷ মার্কিন ৰাষ্ট্রপতিৰ পত্নী জিল বাইডেন ক’ভিডত আক্রান্ত হোৱাৰ ফলত জি–২০ সন্মিলনত ৰাষ্ট্রপতি বাইডেনৰ অংশগ্রহণ অনিশ্চিত হৈছে৷ উল্লেখ্য যে মার্কিন ৰাষ্ট্রপতি বাইডেনে ৭ ছেপ্টেম্বৰত ভাৰতলৈ আহি ১০ ছেপ্ঢেম্বৰত উভতি যোৱাৰ নির্ধাৰিত কার্যসূচী আছিল৷ পত্নী ক’ভিডত আক্রান্ত হোৱাৰ বাবে ৰাষ্ট্রপতি বাইডেনৰ ভাৰত ভ্রমণ বাতিল হোৱাটো প্রায় নিশ্চিত বুলি হোৱাইট হাউছে ইংগিত দিছে৷

You might also like