নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৯ বছৰত পদাৰ্পণ জিৰছং থিয়েটাৰৰ

৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত স্বয়ম নাট সমাৰোহ

বিশেষ বাৰ্তা, ৬ ছেপ্টেম্বৰঃ সুদীৰ্ঘ প্ৰায় তিনি দশক ধৰি অসমৰ নাট্যক্ষেত্ৰৰ অৰ্থবহ প্ৰসাৰতাৰ বাবে অবিৰতভাৱে সেৱাত ব্ৰতী হৈ অহা এন এছ ডিৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈৰ জিৰছং থিয়েটাৰে অহা ৮ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীস্থিত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰ সমাজৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত ‘স্বয়ম নাট সমাৰোহ আৰু আলোচনা সত্ৰ’ নামেৰে আয়োজন কৰিছে এখনি বৃহৎ নাট সমাৰোহৰ। ১৯৯৫ চনত কাৰবি আংলং জিলাৰ সেউজীয়াৰ মাজত এটা সেউজীয়া জীপাল সপোন লৈ ডিফুত জন্ম লাভ কৰা জিৰছং থিয়েটাৰৰ বয়স এতিয়া ২৯ বছৰ। এই যাত্ৰাকালত জিৰছং থিয়েটাৰে অসম তথা উত্তৰ- পূৰ্বাঞ্চলৰ পাহাৰে-ভৈয়ামে, নগৰে-চহৰে অসমীয়া, কাৰ্বি, বড়ো, নাগামীজ, হিন্দী ভাষাত ৪০ খনতকৈয়ো অধিক নাটক মঞ্চস্থ কৰি নাট্যপ্ৰেমীৰ বুকুত এক সুকীয়া স্হান দখল কৰিবলৈ সক্ষম হৈছে। ভাৰতৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কুৰিখনতকৈয়ো অধিক ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় মহোৎসৱত নাট পৰিবেশন কৰা জিৰছং থিয়েটাৰৰ নাটকৰ মূলতঃ বিষয়বস্তু নাৰী আৰু সামাজিক প্ৰমূল্যবোধ। অভিনয় আৰু পৰিচালনাৰ লগতে বিগত ৩০ টাৰো অধিক আনুষংগিক বিষয়ত ন-শিকাৰুক প্ৰশিক্ষন দিয়া নাট্য প্ৰতিষ্ঠাটোৱে ২০১৭ চনৰপৰা গুৱাহাটীৰ ৰাজগডত জিৰছং ষ্টুডিঅ’জৰিয়তে শিসুসকলক নিয়মীয়াকৈ নাট প্ৰশিক্ষন আৰু নিবেদনৰো ব্যৱস্হা কৰি আহিছে। এইবাৰ নাট্য প্ৰতিষ্ঠানটোৱে নাট্যপ্ৰেমীৰ বাবে আয়োজন কৰা স্বয়ম নাট সমাৰোহত ৰবীন্দ্ৰ নাথ ঠাকুৰৰ গল্প ‘স্ত্ৰী পত্ৰ’ ৰ আধাৰত ‘ইতি মৃণালিনী’, চফ’ক্লিছৰ বিশ্ব বিখ্যাত নাটক এণ্টিগণিৰ সমসাময়িক অভিযোজনা ‘এণ্টিগণি মেনিয়া’ আৰু সাহিত্য তথা সংগীত নাটক একাডেমী বঁটা বিজেতা অৰুণ শৰ্মাদেৱৰ নাটক ‘আহাৰ’ নামেৰে তিনিখন নাটক ক্ৰমে ৮,৯ আৰু ১০ ছেপ্টেম্বৰত প্ৰতিদিনে সন্ধ্যা ৬.৩০ বজাৰ পৰা মঞ্চস্থ কৰিব। কেউখন নাটকৰে পৰিচালনা কৰিছে এন এছ ডিৰ পৰিচালনা বিভাগৰ স্নাতক তথা সংগীত নাটক একাডেমীৰ বিছমিল্লা খাঁ বঁটাপ্ৰাপক ৰবিজিতা গগৈয়ে। লগতে প্ৰতিদিনে বিয়লি ৪ বজাৰ পৰা ৬ বজালৈকে নতুন প্ৰজন্মৰ অসমীয়া নাটক, নাটকৰ পাঠ, উপস্থাপনা আৰু দৰ্শক আৰু নাটক আৰু নাৰী শীৰ্ষক তিনিখন আলোচনা সত্ৰৰো আয়োজন কৰিছে। আলোচনা সত্ৰ কেইখনত নাট্য যোদ্ধা সমুদ্ৰ কাজল শইকীয়া, হিমাংশু প্ৰসাদ দাস, পৰী শৰণীয়া, ভাস্কৰ বৰুৱা, অনুপম শইকীয়া, সুব্ৰত জ্যোতি নেওগ, মৃণাল জ্যোতি গোস্বামী, জ্যোতি প্ৰসাদ ভূঞা, অনুপ হাজৰিকা, ভাগীৰথী বাই, ৰাধিকা গোস্বামী, পাপৰি মেধি, মনিমালা দাস, নিখিলেশ্বৰ বৰুৱা আদি সমল ব্যক্তিয়ে নিজৰ নিজৰ দৃষ্টিভংগী বক্তৃতাৰ মাজেৰে দাঙি ধৰিব। তদুপৰি জিৰছং থিয়েটাৰৰ ২৯ বছৰীয়া পৰিক্ৰমা প্ৰতিফলিত কৰিব পৰাকৈ এখনি প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। নাট প্ৰতিষ্ঠানটোৰ ইতিহাস আৰু অসমৰ নাট্যক্ষেত্ৰৰ সমসাময়িক প্ৰেক্ষাপট সামৰি প্ৰকাশ পাব এখন বৃহৎ কলেবৰৰ স্মৰণিকাও।শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হবলগীয়া এই নাট সমাৰোহখনিত মমি গগৈ, ভাস্কৰজ্যোতি নাথ, কাৰিস্মা বড়ো, কল্পজিত শইকীয়া, তৰালী বৰা, সুভম দে, মৃগাংক কুমাৰ নাথ, আভিলাষ বৰবৰা, হিৰণ্য হালৈ, মনোজ কুমাৰ গগৈ, হিয়াশ্ৰী গগৈ, ধ্ৰুৱজ্যোতি স্পন্দন, ৰূপশ্ৰী নেওগ, গীতুমনি কাশ্যপ আদি শিল্পীয়ে অভিনয় কৰিব। উক্ত সমাৰোহ খনি ৮ ছেপ্টেম্বৰৰ সন্ধ্যা ৬.৩০ বজাত উদ্বোধন কৰিব অসমৰ সাংস্কৃতিক পৰিক্ৰমা তথা উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী মাননীয় বিমল বৰাই আৰু বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সাহিত্য একাডেমী বঁটা প্ৰাপক সাহিত্যিক তথা বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামী সংগীত নাটক একাডেমী বঁটাপ্ৰাপক বিশিষ্ট শিল্পী প্ৰান্জল শইকীয়াই। উক্ত নাট সমাৰোহ খনিৰ বিষয়ে অধিক জানিবলৈ আয়োজক কল্পজিত শইকীয়াক ৯৩৬৫১৭৮৩৭৮ নম্বৰত যোগাযোগ কৰিবলৈ জিৰছং থিয়েটাৰৰ সভাপতি ছত্ৰ গোপাল ঠেঙাল আৰু সম্পাদক ৰবিজিতা গগৈয়ে সকলোকে অনুৰোধ জনাইছে।

You might also like