নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গান্ধী জয়ন্তী উপলক্ষে টুপামাৰীত গাঁওসভা সম্পন্ন

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : গান্ধী জয়ন্তী উপলক্ষে দেশজুৰি জাতিৰ পিতাক সশ্ৰদ্ধ স্মৰণ কৰাৰ সমান্তৰালকৈ ৪৫নং টুপামাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়তো এখন বিশেষ গাঁওসভা অনুষ্ঠিত হয়। প্ৰথমে বাপুজীক সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পিছত গাঁও পঞ্চায়তৰ সভানেত্ৰী জবেদা হানুনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা গাঁওসভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পঞ্চায়তখনৰ জিপিচি ছফিকুল ইছলামে। উক্ত সভাত পঞ্চায়তৰ ২০২৪-২৫ বিত্তীয় বৰ্ষৰ উন্নয়ন পৰিকল্পনাৰ প্ৰস্তুতি সম্পৰ্কে, আয়ুস্মান ভাৰতৰ বিষয়, অমৃত কলহ যাত্ৰা আৰু খেল মহাৰণ সম্পৰ্কে আলোচনা হয়। উক্ত সভাত পঞ্চায়তৰ বিষয়ববীয়া, ৱাৰ্ড সদস্য, আশাকৰ্মী, গোটৰ সদস্যা, জীৱিকা সখীৰ লগতে অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে ৰাজ্যত ২০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা অমৃত কলহ যাত্ৰাৰ বিষয়ে ৰাইজক বিতংকৈ বুজাই দিয়ে সমাজসেৱক ৰবিউল হুছেইনে। ইয়াৰ উপৰি খেল মহাৰণনো কি, পঞ্চায়তত কিদৰে অনুষ্ঠিত কৰা হ’ব খেল মহাৰণ, কেনেকৈ খেল মহাৰণত যোগদান কৰিব লাগিব, সকলো বিতংকৈ ৰাইজক বুজাই দিয়া হয় ।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like