নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত দুই শিক্ষাৰ্থীৰ হত্যাত অভিযুক্ত চাৰিজনক গ্ৰেপ্তাৰ চিবিআইৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰ : মণিপুৰত দুই শিক্ষাৰ্থী হত্যাৰ গোচৰত চিবিআয়ে গ্ৰেপ্তাৰ কৰিছে চাৰি অভিযুক্তক। তাৰ পিছৰে পৰা পুনৰ উত্তেজনা বিয়পি পৰিছে মণিপুৰত। দেওবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৫১ কিলোমিটাৰ নিলগৰ চুৰাচান্দপুৰৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চাৰি অভিযুক্তক। চাৰি অভিযুক্তৰ ভিতৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলা। গ্ৰেপ্তাৰ হোৱা লোকসকল হ’ল পাওমিনলুন হাওকিপ, মেলছন হাওকিপ, লিংনেইচং বাইটে, টিনেইখোল। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত বাইটে মৃত ছাত্ৰজনৰ বন্ধু আছিল। যোৱা জুলাই মাহৰ পৰা সন্ধানহীন হৈ আছিল শিক্ষাৰ্থী দুগৰাকী। পৰিস্থিতি নিৰীক্ষণ কৰি মণিপুৰ চৰকাৰে আৰু কেইদিনমানৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। দেওবাৰে চৰকাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে মণিপুৰত ৬ অক্টোবৰ অৰ্থাৎ শুকুৰবাৰলৈ মোবাইল ইন্টাৰনেট সেৱা বন্ধ থাকিব। শুকুৰবাৰে সন্ধিয়ালৈকে বন্ধ থাকিব সেৱা। ইয়াৰ পিছত মণিপুৰ চৰকাৰে পৰিস্থিতি বিবেচনা কৰি সেৱা আৰম্ভ কৰাৰ কথা চিন্তা কৰিব। হোৱাটছএপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰৰ জৰিয়তে বিভিন্ন ভুৱা বাৰ্তাৰ কোনোধৰণৰ হিংসাত্মক প্ৰভাৱ মণিপুৰৰ জনসাধাৰণৰ ওপৰত ৰোধ কৰিবলৈ ইণ্টাৰনেট বন্ধৰ সময়সীমা বৃদ্ধি কৰা হ’ল। প্ৰায় দুমাহ ধৰি বন্ধ হৈ থকাৰ পিছত ২৫ জুলাইত মণিপুৰলৈ আংশিকভাৱে ঘূৰি আহিছিল ইণ্টাৰনেট সেৱা। প্ৰথম অৱস্থাত ফিক্সড ব্ৰডবেণ্ড সংযোগ থকাসকলকহে ইণ্টাৰনেটৰ সুবিধা দিয়া হৈছিল। মণিপুৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি মণিপুৰৰ বিজেপি চৰকাৰে ইণ্টাৰনেট ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। পিছলৈ সেৱাটো প্ৰায় স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে। কিন্তু কিছু অঞ্চলত উত্তেজনাৰ উৰাবাতৰি ৰোধ কৰিবলৈ নতুন নিষেধাজ্ঞা আৰোপ কৰা হয়। শেহতীয়াকৈ মণিপুৰত নিৰুদ্দেশ হোৱা স্কুলীয়া শিক্ষাৰ্থী দুগৰাকীৰ হত্যাকাণ্ডৰ দৃশ্য ইণ্টাৰনেটত বিয়পি পৰে। চৰকাৰে ‘জৰুৰীকালীন পৰিস্থিতি আৰু জনসাধাৰণৰ সুৰক্ষা আইন’ অনুসৰি ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
You might also like