নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহুৰ মাজতে অঘটন ধেমাজিত, পুনৰ ভাঙি পৰিল নিৰ্মীয়মাণ দলঙৰ গাডাৰ

ৰঙালী বিহুৰ আনন্দৰ মাজতেই ধেমাজিত সংঘটিত হৈছে এক অঘটন। বালিজান আৰু নিলখৰ মাজত গাই নৈৰ ওপৰত নিৰ্মাণৰত দ্বিতীয়খন দলঙৰ গাডাৰ হঠাৎ ভাঙি পৰাৰ ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে প্ৰায় ৫৬ কোটি টকাৰ ব্যয়ে নিৰ্মাণাধীন এই দলংখনৰ গাৰ্ডৱাল এইবাৰ দ্বিতীয়বাৰৰ বাবে ভাঙি পৰিল। ঘটনাটোৱে স্থানীয় ৰাইজৰ মাজত উদ্বেগ আৰু অসন্তোষৰ সৃষ্টি কৰিছে।

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, দলং নিৰ্মাণৰ কামত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই এনেধৰণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বেও একে দলংখনত গাৰ্ডৱাল ভাঙি পৰাৰ ঘটনা ঘটিছিল বুলি জানিব পৰা গৈছে।

ঘটনাটোৰ পিছতে সংশ্লিষ্ট বিভাগ আৰু ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। লগতে সমগ্ৰ ঘটনাটোৰ উচ্চস্তৰীয় তদন্ত কৰাৰ দাবীও উত্থাপন হৈছে।

ডিজিটেল ডেস্ক, ১৬ এপ্ৰিল

You might also like