নিয়মীয়া বাৰ্তা, বেজেৰা, ১৬ এপ্ৰিল : অসম সাহিত্য সভাৰ নিৰ্দেশ মৰ্মে পহিলা ব’হাগত কামৰূপৰ হালধা শতদল সাহিত্য সভাই অঞ্চলৰ কেইবাগৰাকীও সামাজিক, শৈক্ষিক, সাহিত্য-সংস্কৃতিৰ দিশত অৰিহণা যোগোৱা ৬৫ বছৰ ঊৰ্ধ্বৰ বিশিষ্ট জ্যেষ্ঠ পুৰুষ-মহিলা ক্ৰমে হালধা বনগাঁৱৰ সৰ্বশ্ৰী হিতৰাম ডেকা, সাহান গাঁৱৰ প্ৰমোদ চন্দ্ৰ শৰ্মা, পাত্ৰপুৰৰ সৰবৰহী মহিলা সব্যা ডেকা, তিত্কুছিৰ মনমিল চন্দ্ৰ কুমাৰ, শালমাৰাৰ মধুসুদন শৰ্মা আৰু শৰাইঘাট (ডুমুনিচকী)ৰ কিৰণ চন্দ্ৰ কাকতিৰ বাসগৃহত পুৱাই উপস্থিত হৈ তেওঁলোকক থুৰীয়া তামোল-পাণ, ফুলাম গামোচা, গ্ৰন্থৰ টোপোলা আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰ প্ৰদান কৰি সেৱা জনাই ভক্তিভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।
হালধা শতদল সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি মিনাৰাম কুমাৰৰ নেতৃত্বত জ্যেষ্ঠসকলক শুভেচ্ছা প্ৰদান কৰা দলটোৰ অন্যান্য সদস্যসকল আছিল ক্ৰমে অসম সাহিত্য সভাৰ বিশেষভাৱে আমন্ত্ৰিত সদস্য তথা কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰভাত বণিয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক বিপিন চন্দ্ৰ ডেকা, কামৰূপ জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হীৰেন শৰ্মা, হালধা শতদল সাহিত্য সভাৰ উপ-সভাপতি ৰমেশ নাথ, সম্পাদক প্ৰাণেশ্বৰ ডেকা, সদস্য নৃপেন বণিয়া আৰু জিতেন বণিয়া।