ডিজিটেল ডেস্ক, ১০ মাৰ্চ : ‘মই ইমান Destructive Politician জীৱনত দেখা নাই’- আজি গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক উদ্দেশ্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন সন্দৰ্ভত আজি সাংবাদিকৰ আগত বিস্ফোৰক মন্তব্য কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে কংগ্ৰেছক এফালৰ পৰা শেষ কৰিব।
কংগ্ৰেছৰ এই দুই নেতাক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন কংগ্ৰেছত থাকিলে বিজেপিৰে লাভ। কংগ্ৰেছত যেতিয়ালৈকে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন থাকিব তেতিয়ালৈকে অসমত বিজেপি চৰকাৰ আহিয়েই থাকিব। এটা সময়ত তেওঁলোক দুজনৰ বাবেই কংগ্ৰেছ দলটো নোহোৱা হ’ব।
তদুপৰি ৰাহুল গান্ধী কংগ্ৰেছত থকালৈকে নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হৈয়ে থাকিব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই মন্তব্য কৰে।