নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পপ তাৰকা ৰিহানাক হত্যাৰ চেষ্টা ! গ্ৰেপ্তাৰ ১

ডিজিটেল ডেস্ক, ১০ মাৰ্চ : পপ তাৰকা ৰিহানাৰ ঘৰত আততায়ীৰ আক্ৰমণ। পপ তাৰকা ৰিহানাৰ ঘৰলৈ লক্ষ্য কৰি কেইবাটাও ৰাউণ্ড গুলী চলায় দুৰ্বৃত্তই। আক্ৰমণৰ তীব্ৰতা ইমানেই আছিল যে বাহিৰৰ দেৱাল ভেদ কৰি গুলী ভিতৰৰ কোঠালৈ সোমাই গৈছিল।

খবৰ অনুসৰি, দেওবাৰে দুপৰীয়া প্ৰায় ১:১৫ বজাত অকস্মাত ৰিহানাৰ বেভাৰলী হিলছৰ ঘৰলৈ লক্ষ্য কৰি গুলী চলায় ৩৫ বছৰীয়া এগৰাকী মহিলাই। মহিলাগৰাকীৰ নাম ইভানা লিচেট অৰ্টিজ। আৰক্ষীয়ে জনোৱা মতে, মহিলাগৰাকীয়ে এখন গাড়ীৰে ৰিহানাৰ ঘৰৰ সন্মুখলৈ আহি এটা এআৰ-১৫ শৈলীৰ ৰাইফলেৰে পপ তাৰকা ৰিহানাৰ ঘৰত কেইবাটাও ৰাউণ্ড গুলী চলাইছিল। ঘটনাস্থলীৰ পৰা এছল্ট ৰাইফলৰ খোলাও উদ্ধাৰ হৈছে। ঘটনাৰ সময়ত ৰিহানা ঘৰতে আছিল বুলি জানিব পৰা গৈছে। অৱশ্যে পপ তাৰকা ৰিহানা আৰু সন্তান নিৰাপদে আছে বুলি পুলিচে নিশ্চিত কৰিছে। তদুপৰি আক্ৰমণকাৰী মহিলাগৰাকীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

সূত্ৰৰ খবৰ অনুসৰি, ঘটনাৰ পিছতে ৰিহানাই নিৰাপত্তা বৃদ্ধি কৰিছে। ব্যক্তিগত ছিডিউলো সালসলনি কৰিছে। ঘৰত নিৰাপত্তা ব্যৱস্থা থকা সত্ত্বেও কেনেকৈ এনে ঘটনা ঘটিল, তাক লৈ এতিয়া চৰ্চা চলিছে ? কিয় তেওঁৰ পৰিয়ালক টাৰ্গেট কৰা হ’ল, এই লৈ দুশ্চিন্তাত পৰিছে পপ তাৰকা ৰিহানা।

You might also like