নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Gayatri Hazarika : জনপ্ৰিয় কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা-ৰ দেহাৱসান

দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ মে’ : কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা আৰু নাই…। আজি গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ হাস্পতাল নেমকেয়াৰত তেওঁৰ দেহাৱসান ঘটে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি তেওঁ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৫।

গায়ত্ৰী হাজৰিকাই মনোজ বৈশ্যৰ ‘ক্ৰোধ’, যতীন বৰাৰ ‘ৰত্নাকৰ’, জুবিন গাৰ্গৰ কাঞ্চনজংঘা আদিৰ উপৰি ভালেসংখ্যক অসমীয়া কথাছবি আৰু এককভাৱে গীত গাই সমাদৃত হৈছিল। ২০২১ চনত মুক্তিলাভ কৰা ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে তেওঁ শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখা)ৰ ‘প্ৰাগ্ চিনে এৱাৰ্ড’ লাভ কৰে। অসমীয়া চিৰিয়েল বৈদেহী, ৰ’দালি, দামিনী, মমতা, পৰিনীতা, আল্পনা আদিৰ শীৰ্ষ গীতত তেওঁ কণ্ঠ নিগৰাইছিল। ইয়াৰ ইপৰি বহুতো অসমীয়া জনপ্ৰিয় গীতত তেওঁ কণ্ঠ নিগৰাইছে। তেওঁৰ একক কণ্ঠৰ শ্ৰব্য সংকলন দুটাৰ নাম ‘মিঠা আৱেশেৰে’(২০১৪) আৰু ‘সুৰৰ আৱেশেৰে’(২০১৭)।

উল্লেখ্য যে গায়ত্ৰী হাজৰিকাৰ পিতৃৰ নাম ফুনু হাজৰিকা আৰু মাতৃৰ নাম অৰুণা হাজৰিকা। তেওঁৰ স্বামী প্ৰশান্ত হাজৰিকা। তেওঁৰ জন্ম হৈছিল ১৯৮০ চনত। স্কুলীয়া শিক্ষা গ্ৰহণ কৰে গুৱাহাটীৰ টি. চি.গাৰ্লছ হাইস্কুলৰ পৰা। মেট্ৰিক পৰীক্ষাত তেওঁ সংগীত বিষয়ত অসমৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ পাইছিল। তেওঁ উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা। পৰৱৰ্তী সময়ত কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা শাস্ত্ৰীয় সংগীতত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পাছত ‘এম. মিউজ’ ডিগ্ৰী লাভ কৰে ভাতখাণ্ডে সংগীত বিদ্যাপীঠ, লক্ষ্ণৌৰ পৰা।

আনহাতে শৈশৱেত তেজপুৰৰ এছ. মজুমদাৰৰ ওচৰত সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুৱাহাটীৰ দ্বিজেন দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। তাৰ পাছত গুণদা দাসৰ ওচৰত শাস্ত্ৰীয় সংগীতৰ লগতে আধুনিক গীতৰ শিক্ষা লাভ কৰে। সেইদৰে দিলীপ শৰ্মাৰ ওচৰত ৰবীন্দ্ৰ সংগীতৰ শিক্ষা, অনন্ত ওজাৰ ওচৰত বৰগীতৰ শিক্ষা আৰু পণ্ডিত মোহনলাল মিশ্ৰ, পণ্ডিত আলোক চেটাৰ্জী, মীৰা দত্ত ৰায় আৰু সুবিৰ নন্দীৰ ওচৰত শাস্ত্ৰীয়, লঘু-শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰে। সেইদৰে তেওঁ জয় প্ৰকাশ মেধি আৰু জিতেন বসুমতাৰীৰ ওচৰতো সংগীতৰ শিক্ষা লাভ কৰে। তেওঁ প্ৰায় ১১ বছৰমানৰ পৰাই মঞ্চত প্ৰথম গীত পৰিৱেশন কৰে। সেইদৰে ১৯৯২ চনত গুৱাহাটী ৰেডিঅ’ চেণ্টাৰ আৰু গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত শিশু শিল্পী হিচাপে গীত পৰিৱেশন কৰিছিল

তেওঁৰ এলবামসমূহ এনেধৰণৰ- ২০১৪ চনত মুক্তিপ্ৰাপ্ত, ৰূপম তালুকদাৰৰ সংগীত ব্যৱস্থাপনাৰে ৬টা গীতৰ এটি শ্ৰব্য সংকলন মিঠা আৱেশেৰে। ২০১৭ চনত মুক্তিপ্ৰাপ্ত, ৰূপম তালুকদাৰৰ সংগীত ব্যৱস্থাপনাৰে ৬টা গীতৰ আন এটি শ্ৰব্য সংকলন সুৰৰ আৱেশেৰে।

তেওঁৰ জনপ্ৰিয় গীতৰ তালিকা এনেধৰণৰ- আবেলিৰ হেঙুলী আকাশে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কল্পনা বৰুৱা, সুৰঃ জে.পি. দাস), ইমান সেমেকা (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা), জোনাক নাছিল বনত (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ হীৰেন ভট্টাচাৰ্য, সুৰঃ জয় প্ৰকাশ মেধি), তুমি অহাৰ বাতৰি পালে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কেশৱ দত্ত, সুৰঃ মনোজ বৰুৱা), তোমালৈ মোৰ মৰম (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা), মন মোৰ উৰি ফুৰে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা), মাথোঁ এজাক বৰষুণ (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথা/সুৰঃ কাজল শৰ্মা), যেতিয়া জোনাক নামিছিল (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ অৰূপ বৰঠাকুৰ, সুৰঃ মনজ্যোৎস্না মহন্ত), সৰা পাতে পাতে (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ কাজল শৰ্মা, সুৰঃ কাজল শৰ্মা), সোণোৱালী সপোন (কণ্ঠঃ গায়ত্ৰী হাজৰিকা, কথাঃ বীণা কাকতি, সুৰঃ জিৰিমি কাকতি)

ইফালে তেওঁ লাভ কৰা বঁটা আৰু সন্মান এনেধৰণৰ- ২০১৯ চনত তেওঁ কণ্ঠ দিয়া ‘ক্ৰোধ’ বোলছবিৰ সংগীতৰ বাবে বাবে ‘গপচপ মিউজিকেল এৱাৰ্ড’। ২০১৯ চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ ‘এ’ গ্ৰেড কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰে। ২০২১ চনত ৰত্নাকৰ বোলছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক গীতটোৰ বাবে ‘প্ৰাগ্ চিনে এৱাৰ্ড’ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী (মহিলা শাখাত)।

You might also like