নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হেলচাৰ বিহু সমিতিক মাৰ্জিত সাজপাৰ-শৃংখলাবদ্ধতাৰ বাবে বৰঙণি জুবিন গাৰ্গৰ

বিশেষ বাৰ্তা, ১৯ এপ্ৰিলঃ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে চাৰি ব’হাগৰ দিনা নলবাৰী জিলাৰ পশ্চিম প্ৰান্তৰ একেবাৰে সীমান্তবৰ্তী হেলচাত সংগীত পৰিবেশন কৰি উদযাপন সমিতিৰ মাৰ্জিত সাঁজপাৰ আৰু শৃংখলাবদ্ধ পৰিবেশ দেখি আপ্লুত হৈ পৰে। বিহু উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ধুতি, কুৰ্তা আৰু গলত গামোচা পিন্ধি অসমীয়াৰ স্বাভিমান ৰঙালী বিহুৰ আন এক ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰাৰ চেষ্টা চলায়। উল্লেখ্য যে, যোৱা পহিলা বহাগৰ পৰা চাৰি ব’হাগলৈ হেলচা ৰাইজৰ উদ্যোগত বৰ্নাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৰঙালী বিহু। উক্ত কাৰ্যসূচী অনুসৰি ১ ব’হাগত বাৰেৰহনীয়া কৃষ্টি সংস্কৃতিৰ দলৰ লগতে গাঁওবাসীয়ে আনন্দ মনেৰে বৃহৎ শোভাযাত্ৰা উলিয়ায়। ২ ব’হাগত দিনজোৰা কাৰ্যসূচীৰে খেল ধেমালি, ৩ ব’হাগত মুকলি বিহু প্ৰদৰ্শন আৰু ৪ ব’হাগৰ সন্ধিয়া ‘ব’হাগী’ স্মৰণিকা উন্মোচন কৰে জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মনে। স্মৰনিকাখন উন্মোচন কৰি সন্দিকৈ কলেজৰ ‘সাগৰিকা বৰদলৈ’ কবিতা পাঠ কৰি হেজাৰ হেজাৰ লোকক আপ্লুত কৰে। তাৰ পিছত সাংস্কৃতিক সন্ধিয়াৰ মঞ্চত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে উপস্থিত থাকি এটাৰ পিছত এটি গীত পৰিবেশন কৰি যায়। ইপিনে, সুন্দৰ অমায়িক স্বভাৱসুলভ মাৰ্জিত ভাবেৰে গীত গোৱা জুবিনৰ কাৰ্যক শ্ৰোতা দৰ্শকে আশ্চৰ্যবোধ কৰে। স্মৃতিৰ বোকোচাত জুবিন গাৰ্গৰ এই সংগীতানুষ্ঠান হেলচা গাঁওখনৰ ইতিহাস হৈ পৰিব বুলি বিহু উদযাপন সমিতিৰ সম্পাদক জয়জিত ভট্টই সদৰী কৰে। উল্লেখ্য যে, বিহু উদযাপন সমিতিৰ সদস্যসকলৰ মাৰ্জিত সাজপাৰ আৰু শৃংখলাবদ্ধ পৰিবেশ দেখি শিল্পী জুবিন গাৰ্গে আপ্লুত হৈ সমিতিক ৩০ হাজাৰ টকা ওভতাই দিয়া বুলি উদযাপন সমিতিৰ সভাপতি কিশোৰ তালুকদাৰে জানিবলৈ দিয়ে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like