নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ মালিনী গোস্বামীলৈ কৈলাশ নাথ শর্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম সাহিত্য বঁটা

নিয়মীয়া বার্তা, ২৬ ছেপ্টেম্বৰ:  অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমে আগবঢ়াই অহা কবি–সাহিত্যিক–গীতি ‘কৈলাশ নাথ শর্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম সাহিত্য বঁটা’ ২০২২ বর্ষৰ বাবে লাভ কৰিছে বিশিষ্ট গৱেষক, সাহিত্যিক, সংস্কৃত পণ্ডিত, অসম মহিলা বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ মালিনী গোস্বামীয়ে৷”Krishna Kanta Handique : Life and Works” শীর্ষক বিশ্লেষণাত্মক গ্রন্থখনৰ বাবে ড০ গোস্বামীলৈ এই বঁটা আগবঢ়োৱা হৈছে৷ এই কথা সদৰী কৰি অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সচিবপ্রধান ড০ প্রণতি তালুকদাৰ মুদিয়াৰে কয় যে ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট গৱেষক সাহিত্যিকক লৈ গঠিত বঁটা উপ–সমিতিৰ গ্রন্থ বাছনি ব্যৱস্থা অনুসৰি আৰু চুপাৰিছমর্মে অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ অলপতে যোৰহাটত হৈ যোৱা ৰাজ্যিক কার্যনির্বাহক সমিতিৰ সভাত বঁটাপ্রাপকৰ বাছনিত অনুমোদন জনোৱা হয়৷ প্রসিদ্ধ গীতিকাৰ, কবি, বাংলা উপন্যাসৰ অনুবাদক, বালগংগাধৰ তিলকৰ বিখ্যাত গ্রন্থ ‘গীতা ৰহস্য অথবা কর্মযোগ’ শাস্ত্রৰ অসমীয়া ভাষাত অনুবাদক প্রয়াত কৈলাশ নাথ শর্মাৰ সোঁৱৰণত ২০১২ চনৰ পৰা প্রৱর্তিত সাহিত্য বঁটাৰ ষষ্ঠগৰাকী বঁটাপ্রাপক ৰূপে নির্বাচিত ড০ গোস্বামী অসমীয়া আৰু সংস্কৃত সাহিত্যৰ স্বনামধন্য গৱেষক সাহিত্যিক৷ বাণভট্টৰ হর্ষচৰিত, শ্রীমদ্ভাগৱত পুৰাণ, জৈনধর্ম, দর্শন, আদর্শ, তিৰুকুৰল, সংস্কৃতায়ন, অসমত সংস্কৃত সাধনা আদি ভালেমান গুৰুত্বপূর্ণ গ্রন্থৰে তেওঁ সাহিত্যৰ ভঁৰাললৈ অৱদান আগবঢ়াইছে৷ উল্লেখ্য যে প্রয়াত শর্মাৰ সোঁৱৰণত পৰিয়ালৰ অর্থ সাহায্যত আগবঢ়াই অহা উক্ত বঁটাত আছে এক লাখ টকা, এটি স্মাৰক, অভিনন্দন পত্র, গ্রন্থ ইত্যাদি৷ ইতিমধ্যে ‘কৈলাশ নাথ শর্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম সাহিত্য বঁটা’ প্রদান কৰা হৈছে ড০ অপূর্ব চন্দ্র বৰঠাকুৰীয়া, ড০ হৰিনাথ শর্মা দলৈ, প্রদীপ শয়কীয়া, ড০ অশোক কুমাৰ গোস্বামীলৈ আৰু ২০২০ বর্ষৰ বাবে নির্বাচিত হৈ আছে ড০ মহেশ্বৰ হাজৰিকা৷ উল্লেখ কৰা যায় যে ক’ৰোনা মহামাৰীৰ প্রতিকূল পৰিস্থিতিৰ বাবে ২০২০ত ঘোষিত বঁটা সেই বছৰত প্রদান কৰিব পৰা হোৱা নাছিল৷ সেয়েহে অহা ১৪ নৱেম্বৰত ২০২০ আৰু ২০২২ বর্ষৰ বাবে দুয়োটা বঁটা ক্রমে ড০ মহেশ্বৰ হাজৰিকা আৰু ড০ মালিনী গোস্বামীক একেলগে প্রদান কৰা হ’ব বুলি পৰিষদৰ তৰফৰ পৰা জনোৱা হৈছে৷

You might also like