নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ পৰিচালকৰ গল্ডেন ৰয়েল বেংগল টাইগাৰ বঁটা লাভ কৰা অসমীয়া চলচ্চিত্র বেলকনিত ভগৱান স্পেইনৰ মাদ্রিদ চহৰত অনুষ্ঠিত হ’ব লগা বিংশতম ইমাজিন ইন্দিৰা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱৰ মূল প্রতিযোগিতালৈ নির্বাচিত হৈছে৷ বেলকনিত ভগৱানে ইতিমধ্যে দেশৰ অন্যতম সর্ববৃহৎ ২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱলৈ ‘ইণ্ডিয়ান চিনেমা নাও’ৰ প্রতিযোগিতা শাখাৰ বাবে আমন্ত্রিতও হৈছে৷
উল্লেখ্য যে ২৫সংখ্যক কেৰালা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ অহা ১০ ফেব্রুৱাৰীৰ পৰা ৫ মার্চলৈকে এক বৃহৎ কার্যসূচীৰে অনুষ্ঠিত হ’ব৷ দেশ–বিদেশৰ প্রায় ২০০ কথাছবি প্রদর্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪ দিনীয়া কার্যসূচীত বেলকনিৰ ভগৱান প্রদর্শিত হ’ব ৪বাৰকৈ৷Trivandrum, Kochi, Thalassery and Palakked মহানগৰত বেলকনিৰ ভগৱান প্রদর্শন হ’ব৷ চলি থকা ১৯সংখ্যক ঢ়াকা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱ ২০২১, আৰু টৰণ্টুৰ (কানাডা)ৰ অল্টার্নেটিভ ফিল্ম ফেষ্টিভেল ২০২০ত শ্রেষ্ঠ অভিনেতা (হৰিছ খান্না), শ্রেষ্ঠ ড্রামা কথাছবি, আৰু শ্রেষ্ঠ কাহিনী আৰু চিত্রনাট্য (বিশ্বজিৎ বৰা) শাখাৰ বাবে মনোনয়ন আৰু নির্বাচিত হৈ চর্চালৈ অহা বেলকনিত ভগৱানৰ এই নতুন খবৰে স্বাভাৱিকতে অসমলৈ কঢ়িয়াই আনিছে আনন্দৰ বতৰা৷ নুৰুল চুলতানে প্রযোজনা কৰা আৰু বিশ্বজিৎ বৰাই পৰিচালনা কৰা চলচ্চিত্রখনত মুখ্য চৰিত্রত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্রমে য়াহা, কমিনে, মিডনাইটছ চিলড্রেন, গেংগছ অৱ ৱাছিপুৰ আদিত অভিনীত হৰিশ খান্নাই৷
লগতে ইয়াত আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে প্রণামী বৰা আৰু পৰিনাতি জিমা চুলতানাই৷ ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, যতীন খনিকৰ, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জ্যেষ্ঠ অভিনেতা দীনেশ দাস, জ্যেষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্রিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱায়ো অভিনয় কৰিছে এই ছবিখনত৷