নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নীপকোৰ কামেং জলবিদ্যুৎ প্রকল্পৰ উৎপাদন ক্ষমতা ৬০০ মেগাৱাটলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ  এই মুহূর্তত উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্পৰ গৰাকী হ’ল নর্থ–ইষ্টার্ন ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন লিমিটেড চমুকৈ নীপকো৷ কামেং জলবিদ্যুৎ প্রকল্পৰ ১৫০ মেগাৱাট সম্পন্ন চতুর্থ তথা অন্তিমটো ইউনিট নীপকোই আজি কার্যক্ষম কৰি তোলাৰ পাছত কামেং জলবিদ্যুৎ প্রকল্পৰ উৎপাদন ক্ষমতা এই মুহূর্তত ৬০০ মেগাৱাটলৈ বৃদ্ধি পালে৷

নতুন দিল্লীস্থিত নীপকোৰ কর্প’ৰেট সংক্রান্ত কার্যালয়ৰ পৰা এক প্রেছ বিবৃতিযোগে এই কথা জানিবলৈ দিয়া হৈছে৷ কামেং জলবিদ্যুৎ প্রকল্পৰ প্রথম, দ্বিতীয়টো ইউনিট ২০২০ চনৰ জুন, জুলাই মাহত কার্যক্ষম কৰা হৈছিল৷ চলিত মাহত কিছুদিন পূর্বে প্রকল্পটোৰ তৃতীয় ইউনিট কার্যক্ষম কৰা হৈছিল৷ ইয়াৰ পিছত আজি জলবিদ্যুৎ প্রকল্পৰ ১৫০ মেগাৱাট সম্পন্ন চতুর্থটো ইউনিট কার্যক্ষম উত্তৰ–পূর্বাঞ্চলৰ সর্ববৃহৎ জলবিদ্যুৎ প্রকল্প হিচাপে পৰিগণিত হ’ল কামেং জলবিদ্যুৎ প্রকল্প৷ নীপকোই জাৰি কৰা প্রেছ বিবৃতি অনুসৰি আজি চতুর্থটো ইউনিট কার্যক্ষম হৈ যোৱাৰ পিছত কামেং জলবিদ্যুৎ প্রকল্পৰ পৰা উত্তৰ–পূর্বাঞ্চলৰ ৰাজ্যসমূহৰ উপৰি হাৰিয়ানা, উত্তৰ প্রদেশ আনকি চুবুৰীয়া নেপালেও বিদ্যুৎ ক্রয় কৰিব পাৰিব৷

উল্লেখ্য যে বহুতো প্রত্যাহ্বান নেওচি কামেং জলবিদ্যুৎ প্রকল্পৰ কাম সম্পন্ন কৰা হৈছে৷ অৰুণাচল প্রদেশৰ পশ্চিম কামেং জিলাত অৱস্থিত এই জলবিদ্যুৎ প্রকল্পৰ মূল নদীবান্ধটো পাৱাৰ হাউছৰ পৰা সুদীর্ঘ ৭৮ কিলোমিটাৰ দূৰত বিশ্বৰ ভিতৰত আটাইতকৈ জটিল ভৌগোলিক পৰিস্থিতিৰ মাজত এই জলবিদ্যুৎ প্রকল্পটো নির্মাণ কৰা হৈছে৷

উল্লেখ্য যে কামেং জলবিদ্যুৎ প্রকল্পৰ পৰা বছৰি ৩৩,৫৩০ কোটি ইউনিট বিদ্যুৎ উৎপাদিত হ’ব৷ প্রকল্পটো কার্যক্ষম কৰি তোলাৰ বাবে সংস্থাৰ চিএমডি ভি কে সিঙক সকলো কৃতিত্ব প্রদান কৰিছে নীপকোৰ পৰিচালকমণ্ডলীয়ে৷

You might also like