নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিল্পী দিগন্ত মাধৱে সংগ্রহ কৰিলে গগৈৰ পদচিহ্ণ

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ পদচিহ্ণ যুগমীয়া কৰি ৰাখিলে বেলতলাৰ ‘পূর্ণ শিল্পম’ নামৰ প্রতিষ্ঠানটোৱে৷ আজি পুৱাৰ ভাগত প্রয়াত গগৈৰ নশ্বৰ দেহ কলাক্ষেত্রৰ পৰা দিছপুৰৰ মিনিষ্টার্ছ কলনীস্থিত চৰকাৰী আৱাসলৈ অনাৰ পাছতেই শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে গগৈৰ পদযুগলৰ চিহ্ণ সংগ্রহ কৰে৷ শিল্পী গোস্বামীয়ে গগৈৰ চৰণযুগলৰ নিগেটিভ ইম্প্রেচন সংগ্রহ কৰে৷ আধুনিক প্রযুক্তিৰে ইম্প্রেচন মেটেৰিয়েলৰ দ্বাৰা চৰণযুগলৰ নিগেটিভ ইম্প্রেচন সংগ্রহ কৰা হৈছে৷ পজিটিভ ৰূপ দিয়াৰ পাছত ভৰিৰ ৰেখা পৰিস্ফুট হ’ব৷ এই সম্পর্কত শিল্পী গোস্বামীয়ে জানিবলৈ দিয়া মতে, অগতানুগতিক শিল্পশৈলীৰ মাধ্যমেৰে মৃতদেহৰ ভৰিৰ পতাত এক সুকীয়া শিল্প সামগ্রীৰ প্রলেপ দিয়া হৈছিল৷ তাৰ পৰা গগৈৰ ভৰি দুখনৰ এটা সাঁচ আহৰণ কৰে৷ সেই সাঁচ গ্রহণৰ পাছত শিল্পীৰ দলটো বেলতলাত থকা পূর্ণ শিল্পমৰ শিল্পালয়লৈ বুলি ৰাওনা হয়৷ শিল্পালয়ত নিৰৱচ্ছিন্নভাৱে দিনটোৰ পৰিশ্রমৰ অন্তত প্রাণ পাই উঠে তৰুণ গগৈৰ অবিকল ভৰি দুখন৷ উল্লেখ্য যে পূর্ণ শিল্পম নামৰ অনুষ্ঠানটোৱে ইতিপূর্বে বহু বৰেণ্য ব্যক্তিৰ হাত তথা ভৰিৰ চিহ্ণ গ্রহণ কৰি সংৰক্ষণ কৰি আহিছে৷ ইয়াৰ ভিতৰত জুবিন গার্গ, মাজুলীৰ শ্রীশ্রীনতুন কমলাবাৰী সত্রৰ সত্রাধিকাৰ স্বর্গীয় নাৰায়ণ চন্দ্র দেৱগোস্বামী, শ্রীশ্রীচামগুৰি সত্রৰ সত্রাধিকাৰ স্বর্গীয় কোষকান্ত দেৱগোস্বামী অন্যতম৷ অনাগত দিনত পূর্ণ শিল্পমৰ শিল্পীৰ দলটোৱে অসমৰ প্রতিজন বৰেণ্য ব্যক্তিৰ হাত তথা ভৰিৰ চিহ্ণ যুগমীয়া কৰিবলৈ পৰিকল্পনা হাতত লৈছে বুলি শিল্পী গোস্বামীয়ে জানিবলৈ দিয়ে৷ তেওঁ কয় যে মানুহৰ জীৱনত সফলতা বা বিফলতাসমূহ অতিক্রম কৰা প্রতিটো খোজৰে সাক্ষী হৈ ৰয় ভৰি দুখন৷ জ্যেষ্ঠ নাইবা সন্মানীয়জনৰ চৰণযুগল স্পর্শ কৰি আশীর্বাদ লোৱাৰ এক বিনম্র পৰম্পৰাও আমাৰ দেশত আছে৷ সেয়ে সন্মানীয়সকলৰ পদচিহ্ণ যুগমীয়া হ’লে উত্তৰ প্রজন্মৰ বাবে নিশ্চয় ই এক অনন্য সম্পদসদৃশ হ’ব৷ তদুপৰি প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ সম্পূর্ণ হৈ উঠা পদচিহ্ণ যুগল ভৱিষ্যতে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ সংগ্রহালয়ত সংগৃহীত কৰিবলৈও বিভাগীয় কর্তৃপক্ষৰ লগতে বর্তমানৰ চৰকাৰৰ প্রতি শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে আহ্বান জনায়৷

You might also like