শান্তিৰ শ্লোগানেৰে ৰাজ্যত নতুন অধ্যায়ৰ সূচনা কৰিছিল গগৈয়ে
নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ তৰুণ গগৈৰ নেতৃত্বত ২০০১ চনত অসমত যেতিয়া কংগ্রেছ চৰকাৰ ক্ষমতালৈ আহে, সেই সময়ত অসমৰ সর্বত্র বিৰাজমান আছিল ভয়, আতংক, হত্যা, অপহৰণ, হিংসাৰ পৰিৱেশ৷ আলফা–এন ডি এফ বিকে ধৰি বিভিন্ন উগ্রপন্থী সংগঠনৰ হত্যা–হিংসা, বিস্ফোৰণৰ ঘটনাই ৰাজ্যখন ছানি ধৰিছিল৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত পূর্বৰে পৰা চলি আছিল চৰকাৰী পৃষ্ঠপোষকতাত গুপ্তহত্যাৰ হূদয়বিদাৰক ঘটনা৷ কিন্তু চৰকাৰ গঠন কৰিয়েই গগৈয়ে গুপ্তহত্যা বন্ধ কৰাৰ লগতে ইটোৰ পাছত সিটোকৈ উগ্রপন্থী সংগঠনসমূহক মূলসূঁতিলৈ অনাত গুৰুত্ব আৰোপ কৰে৷ পূর্বৰ চৰকাৰৰ দিনত শান্তি অবিহনে উন্নয়ন অসম্ভৱ বুলি যি ধাৰণা লৈ উগ্রপন্থীৰ তৎপৰতাৰ বাবেই উন্নয়নমূলক কাম–কাজ কৰাৰ পৰা বিৰত আছিল, গগৈয়ে সেই ধাৰণা সম্পূর্ণৰূপে সলনি কৰি উন্নয়নেহে আনিব শান্তি শ্লোগানেৰে নতুন অধ্যায়ৰ সূচনা কৰে৷
এইক্ষেত্রত গগৈৰ দৃষ্টিভংগী আছিল– আওহতীয়া অঞ্চলত যেতিয়া শিক্ষা–দীক্ষা, স্বাস্থ্য সেৱা, বাট–পথ–দলঙকে ধৰি সকলো ক্ষেত্রতে উন্নয়ন হ’ব, নিবনুৱাই সংস্থাপনৰ পথ বিচাৰি পাব, তেতিয়া নতুনকৈ কোনো যুৱক–যুৱতী উগ্রপন্থী সংগঠনত যোগদান কৰিবলৈ নাযাব৷ তেনে এক দৃষ্টিভংগী লৈয়ে উগ্রপন্থীসকলক মূলসুঁতিলৈ ওভতাই অনাৰ মিছন গ্রহণ কৰে৷ হত্যাৰ বিনিময়ত হত্যাৰ নীতিৰ কঠোৰ বিৰোধিতা কৰা বাবেই কংগ্রেছ ক্ষমতালৈ অহাৰ লগে লগে পূর্বৰ অগপ চৰকাৰৰ আমোলত আৰম্ভ হোৱা গুপ্তহত্যাৰ বিভীষিকাৰো অন্ত পৰে৷
আনহাতে, পূর্বৰ অগপ চৰকাৰৰ আমোলতে বি এল টিৰে চৰকাৰৰ আলোচনা প্রক্রিয়া আৰম্ভ হয় যদিও দিছপুৰত গগৈ চৰকাৰ ক্ষমতালৈ অহাৰ পাছতে বিষয়টোৱে নতুন গতি লাভ কৰে৷ বিশেষকৈ তৰুণ গগৈৰ বলিষ্ঠ পদক্ষেপৰ বাবেই ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰৰ জৰিয়তে বি এল টিক মূলসুঁতিলৈ অনা হয়৷ পৰৱর্তী পর্যায়ত বি এল টিয়ে বি পি এফ নামেৰে নতুন ৰাজনৈতিক দল এটা গঠন কৰে আৰু ২০০৬ চনৰ পৰা ২০১৪ চনলৈ অসম মন্ত্রীসভাত কংগ্রেছৰ অংশীদাৰ হৈ থাকে৷ গগৈ চৰকাৰৰ দ্বিতীয়টো কার্যকালৰ পৰা এটাৰ পাছত এটাকৈ উগ্রপন্থী সংগঠন মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰে৷ আনকি গগৈৰ বিশেষ উদ্যোগৰ বাবেই বাংলাদেশত বাহৰ পাতি উগ্রপন্থীসকলেও শেষ পর্যায়ত চৰকাৰৰ আহ্বানৰ প্রতি সঁহাৰি দি মূলসুঁতিলৈ আহিবলৈ বাধ্য হয়৷
এন ডি এফ বিৰ সংবিজিত গোটৰ বাহিৰে বাকী তিনিটা গোট গগৈৰ আমোলতেই মূলসুঁতিলৈ অহাৰ বাবে আগ্রহ ব্যক্ত কৰে আৰু চৰকাৰৰ সৈতে আলোচনাৰ মেজত বহে৷ অন্যান্য জনগোষ্ঠীৰ উগ্রপন্থীসকলেও লাহে লাহে মূলসুঁতিলৈ আহিবলৈ আৰম্ভ কৰে৷ এক কথাত ক’ব লাগিলে উন্নয়নৰ জৰিয়তেহে শান্তি বুলি গগৈয়ে যি এক নতুন অধ্যায় সূচনা কৰিছিল, কার্যতঃ সেয়া যথেষ্ট ফলপ্রসূ প্রমাণিত হয়৷ আজিৰ পৰা ১০–১২ বছৰৰ আগত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যখনত উগ্রপন্থীয়ে যি ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিছিল, সেয়া আজি নাই৷ আনহাতে, ৰাজ্যৰ আর্থিক উন্নয়নৰ ক্ষেত্রতো গগৈৰ ১৫ বছৰীয়া কার্যকাল স্মৰণীয়৷
ৰাজ্যখনৰ আর্থিক বুনিয়াদ হৈছে গ্রাম্য অর্থনীতি৷ এই গ্রাম্য অর্থনীতি সবল কৰাৰ লক্ষ্যৰেই গগৈয়ে কৃষি, পশুপালন, মীন আদি খণ্ডত গুৰুত্ব আৰোপ কৰি বিভিন্ন আঁচনি গ্রহণ কৰে৷ তদুপৰি মহিলা সবলীকৰণৰ বাবে মহিলা আত্মসহায়ক গোট গঠনত বিশেষভাৱে পদক্ষেপ লয়৷ পুৰুষৰ সমানে মহিলা আত্মসহায়ক গোট গঠনৰ ক্ষেত্রত গগৈৰ দৃষ্টিভংগী আছিল অতি স্পষ্ট৷ বিভিন্ন সময়ত গগৈয়ে সভাই–সমিতিয়ে অতি স্পষ্টভাৱে কৈছিল– মহিলাসকলৰ যেতিয়া উপার্জন বৃদ্ধি পায়, সেই ধনৰ সদ্ব্যৱহাৰ হোৱাৰ লগতে নাৰীৰ ওপৰত হিংসা, অত্যাচাৰ আদিও কমি আহে৷ সেয়ে তেওঁ মহিলাসকলৰ উপার্জন বৃদ্ধিত সদায় গুৰুত্ব আৰোপ কৰি আহিছে৷ গগৈৰ বিশেষ উদ্যোগত আৰম্ভ হোৱা মহিলা আত্মসহায়ক গোটে ইতিমধ্যে ৰাজ্যৰ অর্থনৈতিক মানচিত্র সলনি কৰাই নহয়, থলুৱা সামগ্রীৰ উৎপাদনতো এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে৷