নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অন্তিমটো অডিঅ’ বার্তাঃ ‘ৰাইজৰ মৰম স্নেহ মোৰ ৰাজনৈতিক জীৱনৰ মূলমন্ত্র’

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ এজন ব্যক্তিৰ অসুস্থতাৰ খবৰে সমগ্র ৰাজ্যবাসীক উদ্বেলিত কৰি ৰাখিছিল বিগত কেইবাদিনো ধৰি৷ আন্তৰিকতাৰ এই আশ্চর্য বিস্তাৰ খুব কমসংখ্যক ৰাজনীতিকৰ ক্ষেত্রতহে সম্ভৱ হয়৷ কিন্তু তৰুণ গগৈ আছিল ব্যতিক্রম৷ সর্বাধিক সময় অসমৰ মুখ্যমন্ত্রী হৈ থকাৰ অভিলেখ ৰচনা কৰা ব্যক্তিগৰাকীৰ সমগ্র অসমবাসীৰ লগত আছিল একাত্ম অন্তৰিকতা৷ সেই বাবেই তেওঁৰ গুৰুতৰ অসুস্থতাৰ খবৰে সকলো স্তৰৰ ৰাইজকে উদ্বিগ্ন কৰি তোলে৷

লগতে পঢ়কঃ “অসমৰ প্ৰথম মানুহ, যি মোক দম দিলেও মোৰ ভাল লাগে”- আৱেগিক হৈ এইদৰে ক’লে জুবিনে

যোৱা ২ নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল প্রাক্তন মুখ্যমন্ত্রীগৰাকীক৷ উৎকণ্ঠাৰে সকলো ৰৈ আছিল তেওঁৰ স্বাস্থ্যৰ খবৰ ল’বলৈ৷ তেনে সময়তে যোৱা ৪ নৱেম্বৰত প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে চিকিৎসালয়ৰ বিছনাৰ পৰাই ৰাজ্যবাসীলৈ প্রেৰণ কৰে এক অডি’ বার্তা৷ কণ্ঠ আছিল দুর্বল, জীর্ণ মাত, কিন্তু প্রবল আশাৰে তেওঁ বিচাৰে ৰাজ্যবাসীৰ আশীর্বাদ৷ চিকিৎসালয়ৰ পৰা উভতিয়ে পুনৰ ৰাইজৰ মাজৰ এজন হৈ কাম কৰি যোৱাৰ দুৰন্ত হেঁপাহ– অসমবাসীৰ প্রতি আগবঢ়োৱা শেষ বার্তাত এয়াই প্রতিফলিত হৈছিল৷ তেওঁ সিদিনা কৈছিল– ‘ৰাইজৰ আশীর্বাদ বা ভগৱানৰ আশীর্বাদ নোপোৱাহেঁতেন আজি কাম কৰাটো সম্ভৱ নহ’লহেঁতেন৷ মই আশা কৰিছোঁ যে অসমবাসী ৰাইজে মোক সদায় মৰম দিব, তিতাবৰবাসী ৰাইজে মৰম কৰি আছেই৷ যোৰহাটবাসী ৰাইজ আছেই৷’

প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে মৃত্যুৰ লগত যুঁজি যুঁজিও ভাগৰি পৰা নাছিল৷ অসীম দৃঢ় মনোবলেৰে শেষ বক্তব্যত তৰুণ গগৈয়ে কৈছিল– ‘অসমৰ ৰাইজ, ছাত্র–ছাত্রী, যুৱক–যুৱতী, চাহ শ্রমিক, গাঁৱৰ খেতিয়ক, ৰোৱনী–বোৱনী, খেতিয়ক, সৰু–সুৰা ব্যৱসায়ী সকলোৰে পৰা যি মৰম–চেনেহ পাই আছোঁ, সেইটোৱে আমাৰ ৰাজনৈতিক জীৱনৰ মূলমন্ত্র৷ এই মূলমন্ত্র লৈয়ে ভৱিষ্যতে কাম কৰি গৈ থাকিম৷’ ৰাইজৰ মৰম–আশীর্বাদ লৈ সক্রিয় সামাজিক জীৱন আগবঢ়াই নিয়াৰ শেষ ইচ্ছা তেওঁৰ পূৰণ নহ’ল৷ জীৱনৰ সূতা ছিঙি উৰি গ’ল মৃত্যুৰ চিলা৷ কিন্তু ৰাইজৰ মৰম–আশীর্বাদকে মূলমন্ত্র বুলি ভবা, জনতাৰ লগত থকা আন্তৰিকতাকে সেৱাৰ পথ বুলি বিবেচনা কৰা প্রবীণ ৰাজনীতিবিদগৰাকীয় আজি অসমবাসীৰ অশ্রু অঞ্জলিৰ মাজেৰে মৰতৰ ঠিকনা এৰিলে৷

You might also like