নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ নৱেম্বৰত ৰাষ্ট্রীয় মর্যাদাৰে প্রাক্তন মুখ্যমন্ত্রীৰ অন্ত্যেষ্টিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ অন্ত্যেষ্টিক্রিয়া ৰাষ্ট্রীয় মর্যাদাৰে সম্পন্ন কৰা হ’ব৷ অহা ২৬ নৱেম্বৰত ৰাজ্যৰ সর্বাধিক সময়ৰ মুখ্যমন্ত্রীগৰাকীৰ শেষকৃত্য মহানগৰীৰ কোনো এক স্থানত সম্পন্ন হ’ব৷ অন্ত্যেষ্টিক্রিয়াৰ স্থান সন্দর্ভত পৰিয়াল আৰু চৰকাৰৰ মাজত আলোচনা চলি আছে৷

ইফালে, প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহ কালি নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰখাৰ পাছত আজি পুৱা ৯ বজাত তেওঁৰ চৰকাৰী বাসগৃহলৈ নিয়া হ’ব৷ ইয়াৰ পাছত জনতা ভৱন, অসম বিধানসভাতো প্রাক্তন মুখ্যমন্ত্রীগৰাকীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা হ’ব৷

আজি দুপৰীয়াৰ পৰা সন্ধিয়াপর্যন্ত তেওঁৰ নশ্বৰ দেহ শ্রদ্ধাঞ্জলি জ্ঞাপনৰ বাবে ৰাজীৱ ভৱনত ৰখা হ’ব৷ নিশাৰ ভাগত মহানগৰীৰ শংকৰদেৱ কলাক্ষেত্রলৈ প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব৷ তাতেই ২৫ নৱেম্বৰৰ সমগ্র দিনটো জনসাধাৰণে প্রবীণ ৰাজনীতিবিদগৰাকীল অন্তিম শ্রদ্ধা জ্ঞাপন কৰিব পাৰিব৷

২৬ নৱেম্বৰ অর্থাৎ বৃহস্পতিবাৰে ৰাষ্ট্রীয় মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব৷ শেষ যাত্রাৰ সময়ত প্রাক্তন মুখ্যমন্ত্রীগৰাকীৰ শেষ ইচ্ছামর্মে তেওঁৰ নশ্বৰ দেহ মন্দিৰ, মছজিদ, গির্জা আৰু নামঘৰলৈ নিয়া হ’ব বুলি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷

উল্লেখ্য যে  প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা গুৰুতৰ হৈ পৰাৰ পাছতে তেওঁৰ পত্নী ডলী গগৈৰ স্বাস্থ্যৰো অৱনতি ঘটে৷ ইয়াৰ পৰিপ্রেক্ষিতত যোৰহাটৰ তিতাবৰৰ সলনি গুৱাহাটীতে শেষকৃত্যৰ সিদ্ধান্ত লোৱা হয়৷

You might also like