নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্লীল ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে নির্যাতন; গহপুৰত ২ কিশোৰীক ধর্ষণ কৰি গ্রেপ্তাৰ সাংবাদিক

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ নাম তেওঁৰ প্রণৱজ্যোতি পাটগিৰি ওৰফে পাপু ৷ ঘৰ–গহপুৰ মহকুমাৰ হেলেম আৰক্ষী থানাৰ অন্তর্গত টকৌবাৰীৰ ৰঙাজান গাঁৱত যদিও কিছুদিন পূর্বে তেওঁলোকৰ পৰিয়ালটো গহপুৰ আৰক্ষী থানাৰ অন্তর্গত ওজাপাৰা (ৰজাবাৰী)লৈ স্থানান্তৰিত হৈছে৷ এসময়ত বাইক চুৰিকে ধৰি বিভিন্ন অপৰাধী কার্যকলাপেৰে জডিত হৈ কেইবাবাৰো জে’লৰ ভাত খোৱা দাগী–পৰাধী এইগৰাকী দগাবাজ প্রণৱজ্যোতি পাটগিৰিয়ে কিছুদিনৰে পৰা ‘নিউজ টু ডে’ অসম’ নামৰ এটা ৱেব প’র্টেলত সাংবাদিক হিচাপে কাম কৰিবলৈ লয়৷ কিন্তু এইগৰাকী প্রণৱজ্যোতি পাটগিৰিৰ সলনি নহ’ল অপৰাধপ্রৱণ মানসিকতা৷ অবসৰপ্রাপ্ত পঞ্চায়ত সচিব যোগেশ্বৰ পাটগিৰিৰ এইগৰাকী কুলাংগাৰ পুত্র এইবাৰ গ্রেপ্তাৰ হৈছে নাবালিকাক ধর্ষণ কৰি অশ্লীল ভিডিঅ’ প্রস্তুত কৰাৰ অভিযোগত৷ যোৱা প্রায় ১৫ দিন পূর্বে এজন সতীর্থৰে লগ হৈ ৰঙাজান গাঁৱৰ এটা কোঠাত কাৰিবিল বাঙালী গাঁৱৰ দুগৰাকী ১৫ বছৰ বয়সীয়া নাবালিকাক আবদ্ধ কৰি উপর্যুপৰি ধর্ষণ কৰাৰ লগতে উলংগ কৰি অশ্লীল ভিডিঅ’ প্রস্তুত কৰাৰ পাছত উক্ত ভিডিঅ’ ভাইৰেল কৰাৰ ভয় দেখুৱাই সঘনাই যৌন তৃপ্তি লৈ অহা চৰিত্রহীন যুৱক প্রণৱজ্যোতিক কালি বিয়লি প্রায় ২ বজাত হেলেম আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাই খেদি খেদি গ্রেপ্তাৰ কৰে৷ আৰক্ষী বিষয়াগৰাকীয়ে লগতে তথাকথিত সাংবাদিক প্রণৱজ্যোতিৰ ম’বাইল ফোন আৰু এ এছ–০১ এ এল–৪২৯৩ নম্বৰৰ ৰঙা ৰঙৰ আইটেন গাডীখনো জব্দ কৰিছে৷

  সাংবাদিকতাক সুৰক্ষাকৱচ হিচাপে লৈ বিভিন্ন অপকর্ম কৰি অহা প্রণৱজ্যোতি পাটগিৰিয়ে টকৌবাৰী অঞ্চলৰ বহু কম বয়সীয়া যুৱকক বিপথে পৰিচালিত কৰি বিভিন্ন অপকর্ম কৰিবলৈ উৎসাহিত কৰি অহা বুলি সংবাদ মাধ্যমৰ আগত স্থানীয় ৰাইজে মন্তব্য কৰিছে৷ ইপিনে হেলেম আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া অজিত কুমাৰ ভূঞাৰ নেতৃত্বত চলোৱা অভিযানত উক্ত ঘটনাৰে জডিত থকাৰ অভিযোগত আন চাৰিজন যুৱকো গ্রেপ্তাৰ হৈছে৷ ধৃত যুৱক চাৰিজন হৈছে–বিহালী আৰক্ষী থানাৰ অন্তর্গত বুৰেঘাট নিৱাসী ব্যৱসায়ী প্রমোদ আগৰৱালাৰ পুত্র চনু আগৰৱালা (২২), ভাগীৰথী গুৰুৰ পুত্র দীপক গুৰু (২১), হেলেম আৰক্ষী থানাৰ অন্তর্গত ৰঙাজান গাঁও নিৱাসী মহেন্দ্র ফুকনৰ পুত্র সঞ্জীৱ ফুকন ওৰফে বা বু (২২) আৰু টকৌবাৰী নিৱাসী ৰাজেন পায়েঙৰ পুত্র ৰাকেশ পায়েং (২৫)৷ উল্লেখযোগ্য যে উক্ত জঘন্য ঘটনাটোক গুৰুত্ব সহকাৰে লোৱা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং কালি বিয়লি হেলেম আৰক্ষী থানাত উপস্থিত হৈ নাবালিকা দুগৰাকীৰ পৰা সবিশেষ বুজ লোৱাৰ লগতে প্রণৱসহ অভিযুক্ত যুৱককেইজনক জেৰা কৰে৷ কালি সন্ধিয়া হেলেম আৰক্ষীয়ে নাবালিকা দুগৰাকীক লৈ টকৌবাৰী ৰঙাজান গাঁৱৰ ভিডি’ প্রস্তুত কৰা ঘৰটোৰ কোঠাটোত উপস্থিত হৈ তদন্ত চলায়৷ উক্ত ৰুমটোত থকা সিং উপাধিৰ যুৱকজনে প্রণৱজ্যোতিৰ লগতে আন এজন যুৱকে প্রায় ১৫ দিন পূর্বে নাবালিকা দুগৰাকীক ৰুমটোলৈ আনি নিশা যাপন কৰাৰ কথা স্বীকাৰ কৰাৰ লগতে ভিডি’ প্রস্তুত কৰাৰ কথা স্বীকাৰ কৰে৷ আন যুৱককো তেওঁ উক্ত ভিডিঅ’ যোগান দি তেওঁলোকক যৌন আতিশয্য চলাবলৈ ব্লেকমেইল কৰাৰ সুবিধা দি আহিছিল প্রণৱজ্যোতিয়ে৷ প্রণৱজ্যোতিয়ে নাবালিকা দুগৰাকীক বান্দৰদেৱাৰ হোটেলত নিও ৰাখিছিল বুলি তেওঁলোকে জানিবলৈ দিছে৷

 নাবালিকা দুগৰাকীক হেলেম আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পাছত তেওঁলোকে গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ ন্যায়িক দণ্ডাধীশৰ ওচৰত জবানবন্দী দিয়ে৷ ঘটনা সংক্রান্তত হেলেম আৰক্ষীয়ে ৩১/২০২০ নম্বৰৰ গোচৰ অনুসৰি উক্ত যুৱক ৫জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৩৫৪(বি), ৩৭৬, ৩৪ ধাৰা আৰুPOSCO আইনৰSec-4 ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তেওঁলোকক আজি বিশ্বনাথ জে’ললৈ প্রেৰণ কৰিছে৷হেলেম আৰক্ষীয়ে এ এছ–০১ ই ই–৯৬৩৫ আৰু এ আৰ–০১ ই–৭২০৫ নম্বৰৰ দুখন মটৰবাইক আৰু কেইবাটাও ম’বাইল ফোন জব্দ কৰিছে৷ ঘটনা সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷

You might also like