নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিও অক্ষত অৱস্থাত গোলাঘাটত মহাত্মা গান্ধীয়ে পদাৰ্পণ কৰা এশবছৰীয়া ঘৰটো

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰঃ এটা অতি প্ৰাচীন বাংলা ৷ ঐতিহাসিক এই বাংলাটোৰ নিৰ্মাণৰ কাম  ১৯১৬ ৰ পৰা আৰম্ভ কৰি ১৯২০সম্পূৰ্ণ কৰা হৈছিল। ২০২০ চনৰ ২৮ ডিচেম্বৰত এই ঘৰটোৰ আয়ুসকাল এশ বছৰ পূৰ্ণ হল ৷  বৰ্তমান ৯০ বছৰীয়া ককা অপূৰ্ব কুমাৰ বৰুৱাই সজীৱ কৰি ৰাখিছে দেউতাকৰ এই আপুৰুগীয়া স্মৃতি ৷ সেই সময়ৰ জননেতা তথা জনপ্ৰীয় উকীল মহেশ্বৰ বৰুৱাই ৰেংগুইন হাইক’টত উকালতি কৰি আছিল ৷এটা গোচৰত তেওঁ চীনা  মিস্ত্ৰি লিং লিয়ঙৰ জামিন ল’ব লগা হৈছিল। সেই সময়ত নিয়ম আছিল যে যিজনে অভিযুক্তৰ জামিন লয় তেওঁ অভিয়ুক্তক লগত ৰাখিব লাগে ৷ মহেস্বৰ বৰুৱাইও লিং লিয়ঙক লগতে ৰাখি গোলাঘাটলৈ আনিলে আৰু ইটা তৈয়াৰত পাৰ্গত ৰ’লা সিংৰ লগলাগি লিং লিয়ঙে গোলাঘাটৰ পুৰণা আমোলাপট্টিত মহেস্বৰ বৰুৱাৰ ঘৰটো নিৰ্মাণ আৰম্ভণি কৰিলে ৷ অতি প্ৰখৰ তাপ হোৱাৰ বাবে নামবৰ হাবিৰ পৰা ঔটেঙা গছৰ কাঠ আনি ঘৰৰ কাষতে মাতিৰে ইটা সাজি পুৰি ইটা তৈয়াৰ কৰিলে ৷ ঘৰটো এতিয়া ১০২ বছৰ হ’ল ৷ কাষতে মাটি কাটি সৃষ্টি হোৱা পুখুৰীত এতিয়াও মীন পালন কৰে ৷ এই ঘৰতো আন এটা ইতিহাসো আছে ৷ ১৯২১ চনৰ ২৬ ডিচেম্বত মহাত্মা গান্ধী ৰে’লযোগে গোলাঘাটলৈ আহি ওৱাটিং ৰেল ষ্টেশ্যনত নামে ৷ তেওঁক সংগ দিয়ে দেশভক্ত তৰুণৰাম ফুকন, নবীন চন্দ্ৰ বৰদলৈ , কুলধৰ চলিহা,মহাদেৱ শৰ্মা, কৃষ্ণ শৰ্মা আৰু তৈবুল্লাই ৷ ওৱাটিং চাহবাগিছাৰ মেনেজাৰ ফনী শৰ্মাৰ গাড়ীৰে গোলাঘাটলৈ আহি গান্ধী সহিতে দলটোৱে উকীল মহেশ্বৰ শৰ্মাৰ এই বাসস্থানতেই জিৰণি লয় ৷ ইফালে সেই সময়ত বৰ্তমানৰ কাৰ্বি আংলং জিলাখন মিকিৰ পাহাৰ  হিচাপে জনাজাত আছিল ৷ নগালেণ্ডখন নগাপাহাৰ হিচাপে জনাজাত ৷ এই দুই পাৰ্বত্য এলেকা গোলাঘাট জিলাত অন্তভুক্ত আছিল ৷ মহাত্মা গান্ধীয়ে এডভোকেট জননেতা মহেশ্বৰ বৰুৱাক গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ আসনত বহুৱায় ৷ মহাত্মা ৰে’লযোগে গোলাঘাটলৈ আহোতে বৰ্তমানৰ ডিমাপুৰ আৰু সেই সময়ৰ মণিপুৰ ৰেল ষ্টেছনত নগা ৰাণী গাইডালো আৰু তেওঁৰ দদায়েক আৰু দেউতাককে ধৰি এটা সজাতি দলে আদৰণী জনায় আৰু তেওঁৰ লগতে আহে ৷ গোলাঘাটৰ হৰিজন ক’লনিত গান্ধীয়ে অনুষ্ঠিত কৰা সভাত নগা সজাতিদলে গান্ধীক তিনিখন গজাল বিহীন টেবুল উপহাৰ দিছিল ৷ তাৰে এখন গান্ধীয়ে মহেশ্বৰ বৰুৱাক উপহাৰ দিয়াৰ লগতে সেই টেবুলতে বহি তেওঁ সভা অনুষ্ঠিত কৰিছিল ৷ এতিয়াওঁ এই গজাল বিহীন টেবুলখন এই এশবছৰীয়া ঘৰটোত মহেশ্বৰবৰুৱাৰ সুযোগ্য সন্তান  ৯০ বছৰ বয়সীয়া বিশিষ্ট সাংবাদিক অপূৰ্ব কুমাৰ বৰুৱাই সযত্নেৰে সংৰক্ষণ কৰি ৰাখিছে৷

You might also like