নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনহিতৈষী উদ্যোগপতি গৌতম আদানী

নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : চলিত বছৰতেই পৃথিৱীৰ দ্বিতীয়গৰাকী আটাইতকৈ ধনী ব্যক্তি হিচাপে চিহ্ণিত হৈছে ভাৰতীয় ধনকুবেৰ গৌতম আদানী৷ ফ’বছৰ তালিকাত ভাৰতীয় ধনকুবেৰসকলৰ শীর্ষস্থানত থকা আদানীয়ে এইবাৰ অন্য এক স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ বছৰটো শেষ হ’বলৈ কেইটামান দিন বাকী থকা অৱস্থাত ফ’বছ এছিয়াৰ জনহিতৈষী ব্যক্তিৰ তালিকাত আদানীসহ আৰু দুগৰাকী ভাৰতীয় ব্যক্তিয়ে স্থান লাভ কৰিছে৷ এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলত মানুহৰ উপকাৰৰ বাবে বিভিন্ন ধৰণৰ উদ্যোগ গ্রহণ কৰা ধনী ব্যক্তিসকলৰ তালিকাত স্থান লাভ কৰিছে আদানীয়ে৷ উল্লেখনীয় যে জুলাই মাহত নিজৰ জন্মদিনত আদানীয়ে ৬০ হাজাৰ কোটি টকা দান কৰাৰ কথা ঘোষণা কৰিছিল৷ এই তালিকাত স্থান লাভ কৰা অন্য দুগৰাকী ভাৰতীয় উদ্যোগপতি হৈছে শিৱ নাদাৰ আৰু অশোক ছুটা৷

You might also like