নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত জব্দ ৫০ লাখ টকাৰ সোণ

নিয়মীয়া বাৰ্তা ১৫ জুনঃ গুৱাহাটী মহানগৰীত আৰক্ষীৰ অভিযানত জব্দ হ’ল বৃহৎ পৰিমানৰ সোণ। ৫০ লাখ টকা মূল্যৰ সোণৰ বিস্কুট, মুদ্ৰা আৰু চেইন জব্দ।

এখন চাৰিচকীয়া বাহনৰ পৰা ভৰলু আৰক্ষীয়ে জব্দ কৰে সোণৰ লগতে নগদ ৮ লাখ টকা। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ২ জন লোকক আটক কৰিছে। আৰক্ষীয়ে আটক কৰিছে মনোজ শ্বাহ আৰু আমান আলীক।

উল্লেখ্য যে নগাঁৱৰ পৰা গুৱাহাটীলৈ এই লোক দুজনে আনিছিল সোণখিনি।

You might also like