নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এতিয়াৰে পৰা মাত্র ১২ টকাতেই কিনিব পাৰিব এটি ঘৰ, ক’ত জানেনে?

ঘৰ কিনিবলৈ লাখ লাখ টকাৰ প্ৰয়োজন নাই। যদি আপোনাৰ বেংক একাউণ্টত মাত্ৰ ১২ টকাও আছে, তেতিয়া হ’লে আপুনি এটা ঘৰ কিনিব পাৰে। এইটো আচৰিত যেন লাগিছে, কিন্তু এয়া সঁচা। অৱশ্যে এই দেশত নহয়, এই প্ৰস্তাৱটো উত্তৰ ক্ৰোৱেছিয়াৰ (Croatia) লেগ্ৰাড (Legrad) নামৰ এখন চহৰতহে উপলব্ধ।

একেবাৰে সীমান্তৱৰ্তী হোৱাৰ বাবেই এই চহৰখনৰ জনসংখ্যা দীৰ্ঘদিন ধৰি হ্ৰাস পাই আহিছে। একাধিক ঘৰ পৰিত্যক্ত হৈ পৰি আছে। স্থানীয় প্ৰশাসনে নামমাত্ৰ মূল্যত এনে পৰিত্যক্ত ঘৰবোৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। কিন্তু তাত একাধিক চৰ্তও আছে। যিটো আপুনি এটা ঘৰ কিনিবলৈ গ্ৰহণ কৰিব লাগিব।

জানিব পৰা গৈছে যে এক শতিকাৰ আগতে লেগ্ৰাড অষ্ট্ৰিয়া-হাংগেৰিয়ান সাম্ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ চহৰ আছিল। কিন্তু বিভাজনৰ পিছতে চহৰখন সলনি হৈছিল। যদিও প্ৰথমতে সমগ্ৰ সাম্ৰাজ্যৰ কেন্দ্ৰত আছিল, লেগ্ৰাড পিছলৈ নতুন মানচিত্ৰত ক্ৰোৱেছিয়াৰ সীমাত এখন চহৰ হৈ পৰিছিল।

হাংগেৰীৰ সীমাত থকা চাৰিওফালে সেউজীয়া, অৰণ্যৰে আৱৰি থকা লেগ্ৰাডৰ জনসংখ্যা বৰ্তমান মাত্ৰ ২,২৫০ জন। প্ৰশাসনে তেতিয়া জনসংখ্যা বৃদ্ধিৰ বাবে চহৰখনৰ পুৰণি পৰিত্যক্ত ঘৰবোৰ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিল। এই ঘবোৰৰ মূল্য ১ কুনা (0.16 আমেৰিকান ডলাৰ) অৰ্থাৎ ভাৰতীয় মুদ্ৰাত কেৱল ১২ টকা হয়।

You might also like