নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ভাগ্য গঢ় দিয়াত বলিষ্ঠ ভূমিকা লৈছিল বৰদলৈয়ে

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ অসমৰ প্রথমগৰাকী মুখ্যমন্ত্রী ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে ৰাজ্যখনলৈ আগবঢ়োৱা বৃহৎ বৰঙণিৰ স্বীকৃতিৰূপে উচ্চতৰ মাধ্যমিক পর্যায়ৰ ছাত্র–ছাত্রীসকলৰ বাবে তেওঁৰ জীৱন সামৰি প্রকাশ কৰা এখন গ্রন্থ অধ্যয়ন কৰাটো বাধ্যতামূলক হ’ব৷ এই ঘোষণা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৭১ সংখ্যক মৃত্যুবার্ষিকী উপলক্ষে কামৰূপ মহানগৰ জিলা প্রশাসনে আয়োজন কৰা এক অনুষ্ঠানত অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মহান নেতাগৰাকীৰ সমাধিথলীত তেখেতলৈ গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই উপলক্ষে আয়োজিত এক সর্বধর্ম প্রার্থনা সভাতো মুখ্যমন্ত্রীয়ে অংশগ্রহণ কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ভাৰতৰত্ন গোপীনাথ বৰদলৈয়ে ৰাজ্যখনলৈ বৃহৎ অৱদান আগবঢ়াই গৈছে৷ অসমৰ জনসাধাৰণে এইগৰাকী মহান নেতাৰ সপোনৰ অসমখন বাস্তৱায়িত কৰাৰ বাবে তেখেতৰ আদর্শৰে অনুপ্রাণিত হৈ নিষ্ঠাৰে কাম কৰিব লাগিব৷ ৰাজ্যখনৰ ভাগ্য গঢ় দিয়াৰ দিশত লোকপ্রিয় গোপীনাথ বৰদলৈয়ে বৃহৎ ভূমিকা পালন কৰিছিল৷ সেয়েহে এইগৰাকী মহান নেতাৰ ৭১ সংখ্যক মৃত্যুবার্ষিকীৰ এই পৱিত্র ক্ষণত মুখ্যমন্ত্রী ড০ শর্মাই তেখেতে ৰাজ্যখনলৈ আগবঢ়োৱা মহান অৱদানক শ্রদ্ধাৰে স্মৰণ কৰিছে৷ ৰাজ্যিক কেবিনেটত ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ প্রতি উপযুক্ত সন্মান প্রদর্শন কৰাৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমৰ সুৰক্ষা আৰু অসমক ভাৰতবর্ষৰ অবিচ্ছেদ্য অংগ হিচাপে প্রতিপন্ন কৰা তথা তেখেতৰ ৰাষ্ট্রভক্তিৰ কথা স্মৰণ কৰি ৰাজ্যই আজি তেখেতৰ মৃত্যুবার্ষিকীক কর্মচাৰী দিৱস হিচাপে পালন কৰিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে গ্রুপিঙৰ সময়ত অসমৰ অস্তিত্ব সুৰক্ষাৰ দিশত লোকপ্রিয় গোপীনাথ বৰদলৈয়ে যি বলিষ্ঠ অৱদান আগবঢ়াই গৈছে তাৰ বাবে অসমবাসীয়ে এইগৰাকী মহান নেতাৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ’ব৷ সেয়েহে এইগৰাকী মহান নেতাৰ মৃত্যুবার্ষিকীৰ এই পৱিত্র দিনটোক কর্মচাৰী দিৱস হিচাপে পালন কৰি তেখেতলৈ উপযুক্ত সন্মান প্রদানৰ বাবে চৰকাৰে প্রয়াস চলাইছে৷ ক’ভিড–১৯ অতিমাৰীৰ বাবে ৰাজ্য চৰকাৰে এই বর্ষত তেখেতৰ মৃত্যু দিৱসটো জাকজমকতাপূর্ণভাৱ্ পালন কৰাৰ যি ইচ্ছা সেয়া পূৰণ কৰিব পৰা নাই৷ আগন্তুক বর্ষত ৰাজ্য চৰকাৰে এই দিৱসটো সকলো জিলা আৰু মহকুমাতে জাকজমকতাপূর্ণভাৱ্ পালনৰ পদক্ষেপ ল’ব৷ এই দিৱসটোতে নিষ্ঠাৱান কর্মচাৰীক তেওঁলোকে আগবঢ়োৱা সেৱাৰ স্বীকৃতিকল্পে সন্মানিত কৰা হ’ব৷ আজিৰ অনুষ্ঠানত গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব নীৰজ বার্মা, লোকপ্রিয় গোপীনাথ বৰদলৈৰ পুত্র বলীন বৰদলৈৰ লগতে পৰিয়ালৰ আন আন সদস্যসকল, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like