নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ’বি মৰুভূমিত চীনৰ ‘সেউজ প্রাচীৰ’

নিয়মীয়া বাৰ্তা ৬ আগষ্টঃ বহিঃশত্রুৰ পৰা দেশক ৰক্ষা কৰিবলৈ ২১ হাজাৰ ১৯৬ কিলোমিটাৰজুৰি বিশাল প্রাচীৰ গঢ়ি তুলি অভিলেখ সৃষ্টি কৰিছিল চীনে৷ তেনেই অন্য এক অভিলেখ সৃষ্টিৰ বাবে আগবাঢ়িছে দেশখন৷ এইবাৰো চীনে গঢ়িব প্রাচীৰ৷ এই প্রাচীৰ হ’ব সেউজ প্রাচীৰ৷ ১২ লাখ ৯৫ হাজাৰ বর্গকিলোমিটাৰ অঞ্চলজুৰি থকা এছিয়াৰ অন্যতম বৃহৎ মৰুভূমি গ’বি অৰণ্যত পৰিণত কৰিব বিচাৰিছে চীনে৷ ২০০৯ৰ হিচাপ অনুসৰি মৰুভূমিৰ যি অঞ্চল ইতিমধ্যে অৰণ্য হৈ পৰিছে সেই হিচাপত আগবাঢ়িলে বিশ্বৰ সর্ববৃহৎ মানৱসৃষ্ট অৰণ্যখন হ’ব চীনৰ৷

দেশখনৰ উত্তৰ অঞ্চলৰ বিস্তীর্ণ প্রান্তজুৰি আছে গ’বি মৰুভূমি৷ চীনৰ জলবায়ুৰ ওপৰত এই মৰুভূমিৰ বিৰূপ প্রভাৱ পৰে মার্চ আৰু এপ্রিল মাহত৷ মৰু ধুমুহাই ধূলিময় কৰি তোলে দেশখনৰ উত্তৰ অঞ্চল৷ আনকি ৰাজধানী বেইজিঙত এই ধূলিৰ বাবেই স্তব্ধ হৈ পৰে স্বাভাৱিক জীৱনযাত্রা৷ আনকি বিমান, ৰে’লসেৱা পর্যন্ত বাতিল কৰিবলগীয়া হয়৷ গতিকে সেউজ প্রাচীৰ সৃষ্টি কৰি চীনে মৰু ধুমুহাৰ পৰা ৰক্ষা পাব বিচাৰিছে৷

অকল চীনেই নহয়, গ’বি মৰুভূমিয়ে জাপান, উত্তৰ কোৰিয়া, দক্ষিণ কোৰিয়া আদি দেশতো সৃষ্টি কৰি আহিছে ভয়াৱহ পৰিস্থিতি৷ গতিকে চীনে মৰুভূমিক অৰণ্যলৈ সলনি কৰাৰ দীর্ঘম্যাদী প্রকল্প গ্রহণ কৰিছে৷ ১৯৭৮ চনত সেউজ প্রাচীৰ নামেৰে চীনে গ্রহণ কৰে এক প্রকল্প৷ তেতিয়াৰে পৰা গ’বিত অৰণ্য গঢ়াৰ কাম চলি আছে৷ ইয়াৰ জৰিয়তে অকল মৰু ধুমুহাকে যে প্রতিহত কৰা হ’ব তেনে নহয়, মৰুভূমিৰ আগ্রাসন বন্ধ কৰাৰো প্রচেষ্টা চলাব চীনে৷ লক্ষণীয়ভাৱে ইতিমধ্যে গ’বিৰ মৰুভূমিৰ ৫ৰ পৰা ১৫ শতাংশ অঞ্চল অৰণ্যত পৰিণত হোৱা বুলি দাবী কৰিছে বেইজিং প্রশাসনে৷ এই অৰণ্যৰ সম্প্রসাৰণে মৰুভূমিৰ আগ্রাসনক পূর্বৰ তুলনাত যথেষ্ট বাধা দিবলৈ সক্ষম হোৱা বুলিও দেশখনে দাবী কৰিছে৷ হেলিকপ্ঢাৰ আৰু ড্র’নেৰে প্রথম বিভিন্ন গোচৰ বীজ সিঁচি তাত ওপৰৰ পৰাই পানী দিয়াৰ ব্যৱস্থা কৰিছে চীনে৷ এনেদৰে দেশখন সফলো হৈছে৷

You might also like