গোসাঁইগাঁৱৰ পথাৰত বন্তি জ্বলাই অসমবাসীৰ মংগল কামনা মুখ্যমন্ত্রীৰ
নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ সোমবাৰে ৰাজ্যজুৰি অসমীয়াৰ বাপতিসাহোন কাতি বিহু উদ্যাপন কৰা হয়৷ গ্রাম্য চহা জীৱনৰ অংগাংগী কাতি বিহুত সেউজ ধাননি পথাৰত আকাশবন্তি জ্বলাই কৃষক ৰাইজৰ লগতে প্রতিজন অসমীয়াই শস্যভূমিৰ শ্রীবৃদ্ধি কামনা কৰাৰ লগতে তুলসীৰ তলত বন্তি প্রজ্বলনেৰে মংগল প্রার্থনা কৰে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সোমবাৰে সন্ধিয়া গোসাঁইগাঁও মহকুমাৰ ১নং শ্রীৰামপুৰ গাঁৱৰ ধাননি পথাৰত ৰাইজৰ লগত বন্তি প্রজ্বলন কৰি কাতি বিহু উদ্যাপন কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই বন্তি প্রজ্বলন কৰি অসমবাসীৰ জীৱনলৈ সুখ আৰু সৌভাগ্য অহাৰ লগতে কঙালী আঁতৰি যোৱাৰ বাবে প্রার্থনা জনায়৷
আউনীআটী সত্রত ২১ জোৰা আকাশ বন্তি প্রজ্বলনেৰে আৰম্ভ শাৰদীয় উৎসৱ
মাজুলীত দুর্গোৎসৱৰ পৰিৱর্তে কাতি বিহুৰ পৱিত্র ক্ষণত আকাশত একৈশ যোৰা আকাশবন্তি প্রজ্বলনেৰে আৰম্ভ হয় শাৰদীয় উৎসৱৰ৷ সোমবাৰে ঐতিহ্যমণ্ডিত আউনীআটী সত্রত একৈশ যোৰা আকাশবন্তি প্রজ্বলনেৰে এমাহজোৰা কার্যসূচী শুভাৰম্ভ কৰা হয়৷ সমগ্র কাতি মাহটো এই আকাশবন্তি প্রজ্বলন কৰি ৰখাটো সত্রৰ পৰম্পৰাগত উৎসৱ৷ কাতি মাহৰ ২৫ তাৰিখৰ পৰা ২৯ তাৰিখলৈ চলিব সত্রৰ পালনাম মহোৎসৱ৷ ৩০ কাতিৰ দিনা অন্ত পৰিব কাতিমহীয়া উৎসৱৰ আৰু তাৰ পাছতেই আৰম্ভ হ’ব শ্রীশ্রীকৃষ্ণৰ ৰাসলীলা মহোৎসৱ৷ অৱশ্য অন্যান্য সত্রই অনুষ্টুপীয়াকৈ আকাশবন্তি প্রজ্বলন কৰি কাতিমহীয়া উৎসৱ আৰু পালনাম অনুষ্ঠিত কৰে৷ ভক্তপ্রাণ ৰাইজৰ বিশ্বাস যে কাতি মাহটো ভগৱন্তৰ প্রিয় মাহ৷ এই মাহত ব্রত পালন কৰি তুলসী পূজা আৰু দীপ প্রজ্বলনেৰে ভগৱানক উপাসনা কৰা হয়৷ কাতি মাহত পাঁচ প্রকাৰ ব্রত পালন কৰে৷ এই ব্রতসমূহৰ ভিতৰত হৰি জাগৰণ, প্রাতঃস্নান, তুলসী সেৱন, উদ্যাপন আৰু দীপদান৷
এনে জনবিশ্বাসৰ আধাৰতে কাতি মাহটোত সংযম ৰক্ষা কৰি কাতিমহীয়া উৎসৱৰ পৰম্পৰা মাজুলীত আজিও বিদ্যমান৷ সোমবাৰে আউনীআটী সত্রত পুৱাৰ ভাগত বঢ়া প্রসংগ, বিশেষ পূজা–সেৱাত আকাশবন্তি প্রজ্বলনৰ উদ্দেশ্যে মহাপ্রভুৰ চৰণত দীপ উৎসর্গিত কৰি দিনটোৰ কার্যসূচী শুভাৰম্ভ কৰে৷ বিহুববীয়া হিয়ানাম, দিহানাম, গায়ন–বায়ন, ওজাপালি পৰিৱেশন কৰা হয়৷ নিত্য নৈমিত্তিক কর্ম সম্পাদন কৰাৰ পাছত মণিকূটৰ বৰদেউৰীয়ে মহাপ্রভুক শিৰত ধাৰণ কৰি আকাশবন্তি প্রজ্বলন থলীলৈ সত্রাধিকাৰ, ডেকা সত্রাধিকাৰ তথা সাত মান ভগীয়াসকলৰ পাছত চাৰিহাটীৰ বৈষ্ণৱ পৃথকে পৃথকে সংকীর্তন গাই প্রৱেশ কৰে৷ এই সমদলত নাম লগোৱা, ওজা, গায়ন–বায়ন, নটুৱা, ঢুলীয়া, কালিয়া, ভেৰুৱা আদিয়ে নিজ নিজ কৰা পৰিৱেশন কৰি এক নান্দনিক পৰিৱেশৰ সূচনা কৰে৷
এই সমদলে আকশবন্তি ক্ষেত্রত চাৰিবাৰ প্রদক্ষিণ কৰি সেৱা লয়, য’ত বৰদেউৰীয়ে মূল আকাশবন্তিৰ তলত বিগ্রহ স্থাপন কৰি পূজা–অর্চনা কৰে৷ ২১ যোৰা আকাশবন্তিৰ তলত একোজোপা তুলসী ৰোপণ কৰা হয়৷ নির্দিষ্ট সময়ত সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে মূল আকাশবন্তি আকাশলৈ উত্তোলন কৰাৰ লগে লগে ডেকা সত্রাধিকাৰ প্রমুখ্যে সত্রৰ মুখ্য ভকতসকলে আকাশবন্তি আকাশলৈ উত্তোলন কৰি হৰিধ্বনিৰে মুখৰিত কৰে৷ এই কার্য সমাপ্তিৰ পাছতে সত্রাধিকাৰ প্রমুখ্যে সকলো প্রৱেশ কৰে আৰু মণিকূটত বিগ্রহ পুনৰ স্থাপন কৰি সেৱা ধৰি এই কার্যসূচীৰ সমাপ্তি কৰি তুলসীৰ তলত নিজৰ বহাত বন্তি প্রজ্বলন কৰে৷ অসমত পাবলৈ নোহোৱা কাতি বিহুৰ এই মাংগলিক অনুষ্ঠান দর্শন কৰিবলৈ আজি দূৰ–দূৰণিৰ অগণন ভক্তৰ সমাৱেশ ঘটা দেখা গৈছিল৷ কাতি বিহুৰ এই পৱিত্র ক্ষণত অসমৰ ৰাইজক কাতি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীয়ে কয়– বিশ্বত্রাস ক’ৰোনাৰ পৰা সকলোৱে মুক্তিলাভ কৰক, আগৰ দৰে অসমলৈ সুস্থ পৰিৱেশ উভতি আহক, গোবিন্দ মহাপ্রভুৱে সকলোৰে মংগল সাধন কৰক৷