নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছাৰ প্রতিষ্ঠাপক সভাপতি জাষ্টিন লাক্রা–বস্কো চেৰমাকোলৈ শ্রদ্ধাঞ্জলি ড০ শর্মাৰ

নিয়মীয়া বার্তা, ১৯ অক্টোবৰঃ দুদিনীয়া ভ্রমণসূচীৰে সোমবাৰে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত উপস্থিত হৈছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ মুখ্যমন্ত্রী ড০ শর্মাই হেলিকপ্ঢাৰযোগে গোসাঁইগাঁৱৰ হাব্রুবিল হাইস্কুলত অৱতৰণ কৰিয়েই পোনে পোনে পদ্মবিলস্থিত আছাৰ প্রতিষ্ঠাপক সভাপতি প্রয়াত জাষ্টিন লাক্রাৰ গৃহত উপস্থিত হৈ লাক্রাৰ শ্বহীদ বেদীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ তাৰ পাছতে তেওঁ প্রয়াত লাক্রাৰ পত্নী লতা তিৰু লাক্রাৰ সৈতে মত বিনিময় কৰে৷ ইয়াৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মা আছাৰ প্রয়াত সভাপতি বস্কো চেৰমাকোৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ বেদীত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালৰ সদস্যসকলক সাক্ষাৎ কৰে৷

সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাষ্টিন লাক্রা আছাৰ সভাপতি হৈ থকা সময়ত তেওঁৰ অতি ঘনিষ্ঠ আছিল৷ আদিবাসী সমাজৰ বাবে জাষ্টিন লাক্রাৰ বিশেষ অৱদান আছে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মা মৰনৈ চাহ বাগিচালৈ ৰাওনা হয়৷ বিয়লিৰ ভাগত মৰনৈ চাহ বাগিচাৰ অতিথিশালাত বিভিন্ন দল–সংগঠনৰ নেতৃত্বৰ লগত মত বিনিময় কৰে৷ আজিৰ নিশাটো মৰনৈ অতিথিশালাত কটাই মুখ্যমন্ত্রী ড০ শর্মা কাইলৈ পুৱা গোসাঁইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত গোসাঁইগাঁও সমষ্টিৰ মিত্রজোঁটৰ ইউ পি পি এলৰ প্রার্থী জিৰণ বসুমতাৰীৰ হৈ এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ সৈতে মন্ত্রী উর্খাও গৌৰা ব্রহ্ম, অশোক সিংঘল, বি টি আৰৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো আৰু বিধায়ক লৰেন্স ইছলাৰী উপস্থিত থাকে৷

You might also like