নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ মাহৰ অন্তত আজিৰে পৰা খুলিব প্রাথমিক–হাইস্কুল

এটা সপ্তাহত এটা শ্রেণীত সর্বাধিক ৩০ ছাত্র–ছাত্রীয়ে গ্রহণ কৰিব পাৰিব পাঠদান

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  জটিল ক’ভিড পৰিস্থিতিৰ বাবে বন্ধ হৈ থকা ৰাজ্যৰ বিদ্যালয়ৰ পাঠদান কাইলৈৰ পৰা পুনৰ আৰম্ভ হ’ব৷ প্রায় ২০ মাহৰ অন্তত আৰম্ভ হ’বলগীয়া বিদ্যালয়ৰ পাঠদানক লৈ ইতিমধ্যে আৰম্ভ হৈছে ব্যাপক প্রস্তুতি৷ উল্লেখ্য যে প্রাক প্রাথমিক বিদ্যালয়ৰ পাঠদান বিগত বর্ষৰ পৰা বন্ধ হৈ থকাৰ বিপৰীতে হাইস্কুল পর্যায়ত চলিত বর্ষৰ যোৱা এপ্রিল মাহৰ তৃতীয় সপ্তাহৰ পৰা বন্ধ হৈ আছিল৷ শেহতীয়াকৈ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্য চৰকাৰে প্রাথমিক পর্যায়ৰ পৰা বিদ্যালয়ৰ পাঠদান আৰম্ভ কৰাৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে৷ সেইমর্মে আজিৰ পৰা আৰম্ভ হ’ব লগা বিদ্যালয়ৰ পাঠদানত ক’ভিড নীতি–নিময় কঠোৰভাৱে বলৱৎ কৰাৰ স্পষ্ট নির্দেশনা দিয়া হৈছে৷

ছাত্র–ছাত্রীসকলৰ মাস্ক পৰিধান আৰু ছেনিটাইজাৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে৷ মন কৰিবলগীয়া যে পাঠদান আৰম্ভ কৰাৰ বাবে জাৰি কৰা এছ অ’ পি অনুসৰি এটা সপ্তাহত এটা শ্রেণীত ৩০গৰাকী ছাত্র–ছাত্রীকহে পাঠদান কৰিব পাৰিব৷ আনহাতে সপ্তাহত তিনি দিনকৈ হ’ব প্রথমৰ পৰা অষ্টম শ্রেণীৰ পাঠদান৷ নিম্ন প্রাথমিক পর্যায়ত (প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণী) পাঠ গ্রহণৰ বাবে ছাত্র–ছাত্রী বিদ্যালয়ত উপস্থিত থকাটো বাধ্যতামূলক নহয়৷ অভিভাৱকৰ অনুমতি সাপেক্ষেহে বিদ্যালয়লৈ ছাত্র–ছাত্রী আহিব পাৰিব৷ প্রয়োজনত ছাত্র–ছাত্রীসকলে অনলাইন ক্লাছৰো সুবিধা ল’ব পাৰিব৷ নিম্ন প্রাথমিক পর্যায়ত পাঠদান চলি থকা সময়ত বিদ্যালয় প্রাংগণত কোনো সভা অনুষ্ঠিত কৰিব নোৱাৰিব৷

আনহাতে এছ অ’ পি অনুসৰি প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান প্রতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে হ’ব৷ চতুর্থ আৰু পঞ্চম শ্রেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে অনুষ্ঠিত হ’ব৷ পাঠদান আৰম্ভ হোৱাৰ লগে লগে অর্থাৎ কাইলৈৰ পৰাই বিদ্যালয়ৰ প্রধান শিক্ষক বা শিক্ষয়িত্রীয়ে ক’ভিড প্রট’কল সঠিকভাৱে অনুকৰণত চকু দিব লাগিব৷ শ্রেণীৰ সময়সূচী, মধ্যাহ্ণ আহাৰ আৰু অন্যান্য নিয়মসমূহ অনুকৰণৰ সকলো দায়িত্ব থাকিব বিদ্যালয়ৰ প্রধান শিক্ষকগৰাকীৰ৷ একেদৰে উচ্চ প্রাথমিক বিদ্যালয় (ষষ্ঠ শ্রেণীৰ পৰা সপ্তম শ্রেণী) পর্যায়তো সপ্তাহত তিনি দিনকৈ হ’ব পাঠদান৷ এটা সপ্তাহত এটা শ্রেণীত ৩০গৰাকীকৈ ছাত্র–ছাত্রী উপস্থিত থাকিব পাৰিব৷ উচ্চ প্রাথমিক বিদ্যালয়ৰ ষষ্ঠ শ্রেণীৰ পাঠদান হ’ব প্রতি সপ্তাহৰ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে৷

সপ্তম শ্রেণীৰ পাঠদান হ’ব প্রতি সপ্তাহৰ মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে৷ আনহাতে অষ্টম শ্রেণীৰ পাঠদান হ’ব বুধবাৰ শুকুৰবাৰ আৰু শনিবাৰে৷ এছ অ’ পি অনুসৰি এই সময়ছোৱাত অনলাইন ক্লাছ অব্যাহত থাকিব৷ উচ্চ প্রাথমিক পর্যায়ত ছাত্র–ছাত্রীৰ উপস্থিতিৰ ক্ষেত্রত অভিভাৱকৰ অনুমতি বাধ্যতামূলক হ’ব৷ পাঠদান চলি থকা দিন বিদ্যালয় প্রাংগণত কোনো ধৰণৰ সভা, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত কৰিব নোৱাৰিব৷ উল্লেখ্য যে কাইলৈৰ পৰা অনুষ্ঠিত হ’ব লগা বিদ্যালয়সমূহৰ পাঠদানৰ বাবে ইতিমধ্যে প্রতিখন বিদ্যালয়ৰ শ্রেণীকোঠা পৰিষ্কাৰ কৰাৰ লগতে ছাত্র–ছাত্রীসকলে শ্রেণীকোঠাত বহাৰ সময়ত যাতে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰে, তাৰ ব্যৱস্থা কৰিবলৈ শিক্ষা বিভাগে নির্দেশ দিছে৷

You might also like