নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ গৌৰীপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, নিৰ্বাচনী কামত নিয়োজিত কৰ্মচাৰীৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, গৌৰীপুৰ, ৩০ মাৰ্চ : ধুবুৰীৰ গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চলৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত নিৰ্বাচনৰ কামত নিয়োজিত হৈ থকা এগৰাকী চৰকাৰী কৰ্মচাৰী নিহত হোৱা ঘটনাই ধুবুৰী জিলাত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। আনহাতে, উক্ত দুৰ্ঘটনাত চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসহ দুজন লোক গুৰুতৰভাৱে আহত হৈছে।

নিৰ্বাচনী কামত নিয়োজিত বিষয়াৰ বাহনৰ সৈতে আজি পুৱা ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হয়। ফলত উক্ত দুৰ্ঘটনাত থিতাতে নিহত হয় চাপৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী ৰোমিঅ’ ঘোষ। গুৰুতৰভাৱে আহত হয় চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া দীপাংকৰ অধিকাৰী বুলি জানিব পৰা গৈছে । আনহাতে, বাহনখনৰ চালক হাছান মিঞাও আহত হয়।

গুৰুতৰভাৱে আহত চক্ৰ বিষয়াসহ দুজনক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে যদিও ধুবুৰী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চাপৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া দীপাংকৰ অধিকাৰীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

জনা মতে, চাপৰৰ পৰা ডব্লিউ বি-৬৪এডি-৯১০৮ নম্বৰৰ চাৰিচকীয়া বাহনখনেৰে চৰকাৰী বিষয়া-কৰ্মচাৰীৰ দলটো আজি পুৱাৰ ভাগত নিৰ্বাচনী দায়িত্ব পালন কৰিবলৈ ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ আহি আছিল। পাছত গৌৰীপুৰৰ মাটিয়াবাগ অঞ্চল পোৱাত উক্ত ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ট্ৰাকখন আৰু চাৰিচকীয়া বাহনখন উদ্ধাৰ কৰি গৌৰীপুৰ থানালৈ লৈ আনিছে। ঘটনা সন্দৰ্ভত আৰক্ষী তথা জিলা প্ৰশাসনে‌ তদন্ত অব্যাহত ৰাখিছে।

You might also like