নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰক্ষেত্ৰীত শতাধিকৰ কংগ্ৰেছ এৰি বিজেপিত যোগদান

বিশেষ বাৰ্তা, নলবাৰী, ৩০ মাৰ্চ : নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৩৮নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিত দল বাগৰা ৰাজনীতিয়ে নিৰ্বাচনী প্ৰেক্ষাপট আকৰ্ষণীয় কৰি তুলিছে।সমষ্টিটোত বিজেপিৰ লগতে কংগ্ৰেছতো ধাৰাবাহিকভাৱে যোগদানৰ কাৰ্যসূচীয়ে প্ৰাক নিৰ্বাচনী ছবিখন সঘনাই সলনি কৰি তুলিছে।

সমষ্টিটোৰ জয়সাগৰ কেকানকুছি গাওঁ পঞ্চায়ত আৰু জাগাৰা নপ্তিপাৰা গাঁও পঞ্চায়তৰ শতাধিক লোকে দেওবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ নীতি-আদৰ্শত অনুপ্ৰাণিত হৈ সমষ্টিটোৰ বিজেপিৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ণ ডেকাৰ উপস্থিতিত প্ৰাৰ্থীগৰাকীৰ নাৰায়ণপুৰৰ বাসগৃহত কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰে। সমষ্টিটোৰ পশ্চিম বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডল বিজেপিৰ সভাপতি ৰাজু ডেকাই আঁত ধৰা যোগদান কাৰ্যসূচীত ন-বিজেপিসকলক  দললৈ আদৰণি জনাই প্ৰাৰ্থী নাৰায়ণ ডেকাই তেওঁলোকক দলৰ হৈ কাম কৰি যোৱাৰ আহ্বান জনায়।

ইপিনে, ডেকাই ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনে সৰ্বস্তৰৰ জনসাধাৰণৰ হৈ ৰূপায়ণ কৰা জনকল্যাণমূলক আঁচনিয়ে সকলোতে উন্নয়ন সাধন কৰিছে বুলি উল্লেখ কৰি কয়- ৰাইজে এতিয়া বুজি উঠিছে, যাৰ ফলত বিজেপি দলক আঁকোৱালি লৈছে ৰাইজে। উক্ত যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰী ধৰ্মপুৰ মণ্ডলৰ সভাপতি মহেশ বৰ্মন, বিজেপি কৰ্মী লাচিত ডেকাৰ লগতে কেইবাজনো দলীয় বিষয়ববীয়া উপস্থিত থাকে।

You might also like