নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ এনপিএছ কর্মচাৰীলৈ গ্রেছুইটী, চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কর্মচাৰী পৰিষদৰ

নিয়মীয়া বার্তা, ২৪ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ এন পি এছৰ অন্তর্ভুক্ত কর্মচাৰীসকলৰ বাবে সুখবৰ৷ সদৌ অসম কর্মচাৰী পৰিষদে জনোৱা আবেদন আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে অনুষ্ঠিত আলোচনাৰ সিদ্ধান্তমর্মে ৰাজ্য চৰকাৰে এন পি এছৰ অন্তর্ভুক্ত কর্মচাৰীৰ বাবে অৱসৰকালীন গ্রেছুইটীৰ ব্যৱস্থা প্রৱর্তনৰ বাবে অনুমোদন জনাইছে৷

কর্মচাৰী পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু সাধাৰণ সম্পাদক মৃণাল দাসে এক বিবৃতিত কয় যে নতুন ৰাষ্ট্রীয় পেন্সন নীতিৰ আওতাত থকা কর্মচাৰীসকলক অৱসৰৰ পাছত গ্রেছুইটী প্রদানৰ সিদ্ধান্ত গ্রহণৰ ফলত একাংশ কর্মচাৰী তৎকালে উপকৃত হ’ব৷ বিশেষকৈ যোৱা ২০১৩ বর্ষত অসম চৰকাৰে এক সিদ্ধান্তমর্মে প্রাদেশিকীকৰণ কৰা বিদ্যালয়ৰ শিক্ষক–কর্মচাৰীসকল আৰু বিভিন্ন বিভাগত অস্থায়ী ভিত্তিত কর্মৰত যিসকল কর্মচাৰীৰ চাকৰি ২০০৫ চনৰ পাছত নিয়মীয়াকৰণ কৰা হৈছিল, সেইসকল কর্মচাৰী বিশেষভাৱে লাভৱান হ’ব৷

কাৰণ তেনে প্রক্রিয়াৰে নিয়মীয়া নিযুক্তি লাভ কৰা বহুসংখ্যক কর্মচাৰীৰ অৱসৰ গ্রহণৰ সময় সমাগত আৰু সেইসকল কর্মচাৰীয়ে প্রথমে অৱসৰ গ্রহণৰ সময়ত এক সন্তোষজনক আর্থিক সকাহ পাবলৈ সক্ষম হ’ব৷ ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্রহণৰ বাবে কর্মচাৰী পৰিষদে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা জনোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হ’বলগীয়া কর্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷

বিবৃতিটোত পৰিষদে নতুন ৰাষ্ট্রীয় পেন্সন নীতি বাতিল কৰাৰ দাবীত শীঘ্রে ভাৰতৰ প্রধানমন্ত্রী, গৃহমন্ত্রী, অসমৰ মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীক সুকীয়া সুকীয়াকৈ স্মাৰক–পত্র প্রদান কৰিব বুলি উল্লেখ কৰে৷

উল্লেখ্য যে ৰাজ্য চৰকাৰে ২০০৫ চনৰ এক ফেব্রুৱাৰীৰ পাছত নতুনকৈ নিযুক্তি লাভ কৰা ৰাজ্যিক কর্মচাৰীসকলক কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাষ্ট্রীয় পেন্সন আঁচনিত বাধ্যতামূলকভাৱে অন্তর্ভুক্ত কৰে৷ উক্ত আঁচনিত অন্তর্ভুক্ত কর্মচাৰীসকলৰ বাবে ভাৰত চৰকাৰে ২০১৬ চনৰ ২৬ আগষ্টত এক নির্দেশযোগে (নং ৭/৫/২০১২–পি এণ্ড পি ডব্লিউ (১) বি) মৃত্যু আৰু অৱসৰকালীন গ্রেছুইটী দিয়াৰ বাবে নির্দেশনা জাৰি কৰে৷ সেইসকল কর্মচাৰীয়ে কেন্দ্রীয় অসামৰিক সেৱা (পেন্সন) আইন ১৯৭২মর্মে সুবিধা লাভ কৰিব৷

যিহেতু অসম চৰকাৰেও ভাৰত চৰকাৰৰ আর্হিত ৰাষ্ট্রীয় পেন্সন আঁচনিত ৰাজ্যিক কর্মচাৰীসকলক অন্তর্ভুক্ত কৰিছে, সেয়েহে ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলৰ বাবে অসম সেৱা (পেন্সন) আইন ১৯৬৯ অনুসৰি মৃত্যু আৰু অৱসৰকালীন গ্রেছুইটী দিয়াৰ বাবে কর্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক দাবী জনায়৷ যোৱা বছৰ ১৫ জুলাইত পৰিষদৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক এখন স্মাৰক–পত্রযোগে বিষয়টো নিষ্পত্তি কৰাৰ দাবী উত্থাপন কৰে৷ কর্মচাৰী পৰিষদৰ এই হেঁচাৰ পৰিপ্রেক্ষিতত অৱশেষত ৰাজ্য চৰকাৰে এন পি এছ কর্মচাৰীক গ্রেছুইটী প্রদানৰ সিদ্ধান্ত গ্রহণ কৰে৷

You might also like