নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ ৰাজ্যৰ বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ আজি দেহাৱসান ঘটে। বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা বৰুৱাৰ আজি পুৱা ৫.৩০ বজাত জিএমচিএইচত মৃত্যু হয়। বিশিষ্ট নাট্যকাৰজনৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অসমৰ নাট্যজগতত। অসমৰ নাট্যজগত বিশেষকৈ ভ্ৰাম্যমাণ জগতত এগৰাকী পুৰোধা নাট্যকাৰ ৰূপে পৰিচিত সেৱাব্ৰত বৰুৱাৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম নাট্য সন্মিলনে।

অসম নাট্য সন্মিলনৰ সভাপতি কুমাৰ দীপক দাসে ব্যক্ত কৰে যে বৰুৱাৰ মৃত্যু অসমৰ নাট্যজগতখনৰ বাবে অপূৰণীয় ক্ষতি। দাসে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

ইয়াৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো শোক ব্যক্ত কৰে। বিত্তমন্ত্ৰী ড০ শৰ্মাই টুইটযোগে উল্লেখ কৰে- ‘বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ স্বকীয় শৈলীৰে বহু উচ্চমানৰ নাট ৰচনাৰে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে সমগ্ৰ নাট্য জগতখনক সমৃদ্ধ কৰা বৰুৱাদেৱৰ বিয়োগ এক অপূৰণীয় ক্ষতি ৷ তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলোঁ ৷’

You might also like