নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত ভাঙিল জৰাসৰ নৈৰ কোটিটকীয়া পকী গাৰ্ডৱাল

নিয়মীয়া বাৰ্তা, ২৮ আগষ্ট : শোণিতপুৰত বালিপৰাত জৰাসৰৰ নৈৰ বানত বিগত তিনি দিনে ৰাইজে ককবকাই থকাৰ মাজতে আজি হঠাতে জৰাসৰ নৈয়ে ভাগি পেলায় নৈখনৰ দীঘলী বালিজান অংশত থকা কোটিটকীয়া গাৰ্ড ৱাল। ৰাইজে জনোৱা অনুসৰি জলসম্পদ বিভাগে জৰাসৰ নৈৰ গৰাখহনীয়া ৰোধ কৰাৰ এক অংশ হিচাপে কমাৰীগাঁৱৰ ওচৰৰ পৰা দীঘলী বালিজানলৈকে বালিপৰা দিশত জৰাসৰৰ পাৰত কোটিটকা ব্যয়সাপেক্ষে এখন পকী গাৰ্ড ৱাল কেইমাহমান পূৰ্বে সাজিছিল। কিন্তু ৰহস্যজনক কাৰণত নিৰ্মাণস্থলী ত্যাগ কৰি দায়িত্ব সামৰিছিল লখিমপুৰৰ জনৈক ঠিকাদাৰে। আনহাতে কেইসপ্তাহমান পূৰ্বে গাৰ্ড ৱালখনৰ নিৰ্মাণত বিসংগতিৰ বাবে ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড ফাঁট মেলাৰ লগতে বহি গৈছিল ৱালখনৰ কেইবাটাও অংশ। ফলত দীঘলী বালিজানবাসী নৈপৰীয়া ৰাইজ ক্ষোভিত হৈ পৰিছিল। আজি এনেদৰে গাৰ্ড ৱালখন জৰাসৰৰ বানে ভাঙি পেলোৱাত দীঘলী বালিজানত গাঁৱত জৰাসৰৰ বান অধিক পৰিমাণে প্ৰৱেশ কৰাত ৰাইজৰ মাজত বিলাই-বিপত্তি নোহোৱা হয়। পানীৰ প্ৰাৱল্য ইমানেই বেছি আছিল যে ৱালখন ভঙাৰ পিছতো ৱালৰ সমীপত থকা কেইটামান বালিভৰ্তি বেগ, নৈৰ গৰা আদি জাহ যায় নৈৰ বুকুত। প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫টা বছৰ অতিক্ৰম কৰাৰ পিছতো ৰঙাপৰা সমষ্টিলৈ ইজনৰ পিছত সিজনকৈ বিধায়ক আহিল যদিও আজিপৰ্যন্ত কোনোজনেও বালিপৰাত জৰাসৰৰ বান সমস্যাৰ স্থায়ী সমাধান উলিয়াবলৈ সক্ষম নোহোৱা বুলি উল্লেখ কৰি ভূক্তভোগী ৰাইজে জৰাসৰৰ বান এচামৰ বাবে সোণৰ কণী পৰা হাঁহ বুলিহে উল্লেখ কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like