নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰভাৱঃ গুণ্ডাটেক্স অবিহনে ছাগলীয়া হৈ ব্ৰইলাৰবাহী ট্ৰাক প্ৰৱেশৰ পদক্ষেপ আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ২ আগষ্টঃ নিয়মীয়া বাৰ্তাত অসম–বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়াত ব্ৰইলাৰবাহী প্ৰতিখন বাহনৰ পৰা গুণ্ডা টেক্স’ সংগ্ৰহ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পিছত অৱশেষত গা লৰিল ধুবুৰী প্ৰশাসনৰ। ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক অভিজিত গুৰাৱৰ তৎপৰতাত কোনো ধৰণৰ গুণ্ডা টেক্স অথৱা কোনো ধৰণৰ দালাল চক্ৰৰ হস্তক্ষেপ অবিহনেই ব্ৰইলাৰবাহী ট্ৰাকসমূহ ছাগলীয়াৰে অহা–যোৱা কৰাৰ যাৱতীয় ব্যৱস্থা লোৱা হ’ল। যোৱাকালি ধুবুৰীস্থিত আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত বিষয়াগৰাকীৰে হোৱা এখন গুৰুত্বপূৰ্ণ বৈঠকৰ পিছত সাময়িকভাৱে বন্ধ ৰাখিলেও আজিৰ পৰা পুনৰ পশ্চিমবংগৰ পৰা ব্ৰইলাৰ আমদানী আৰম্ভ হোৱা বুলি জনাইছে ধুবুৰী জিলা ব্ৰইলাৰ মুৰগী ব্যৱসায়ী সন্থাৰ সম্পাদক নজৰ মীৰ হুছেইনে। কালিৰ কালিৰ বৈঠকখনত কোনো দালাল চক্ৰক এপইচাও নিদিয়াকৈ ব্ৰইলাৰবাহী ট্ৰাকসমূহ আহিব বুলি জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকক জনোৱা বুলিও কয় সন্থাটোৰ সম্পাদক হুছেইনে। ফলত আশা কৰা হৈছে ধুবুৰীৰ বজাৰত ব্ৰইলাৰৰ খুচুৰা দোকানত অহাকালিৰ পুনৰ ব্ৰয়লাৰ মাংস পোৱা যাব বুলিয়েই। উল্লেখ্য যে, বিগত ৩১ জুলাইৰ ধুবুৰীত এক সংবাদমেল যোগে জিলাখনৰ ব্ৰইলাৰ ব্যৱসায়ী সন্থাই অসম–বংগ সীমান্তৰ ধুবুৰী জিলাৰ ছাগলীয়াত এটা দালাল চক্ৰই প্ৰতিখন ব্ৰইলাৰৰ ট্ৰাকৰ পৰা প্ৰতি ট্ৰিপত ১২,৫০০ টকাকৈ ধন দাবী কৰিবলৈ লোৱা বুলি অভিযোগ কৰিছিল। চক্ৰটোৱে দাৱী কৰা  সেই ধন নিদিলে এমভিআইৰ জৰিয়তে  ফাইন কৰাৰ সকীয়নি প্ৰদান কৰে বুলিও সন্থাটোৱে এক চাঞ্চল্যকৰ অভিযোগো আনিছিল। এইদৰে ইমান বৃহৎ পৰিমাণৰ গুণ্ডা টেক্স দিবলৈ অক্ষমতা প্ৰকাশ কৰি ধুবুৰীৰ পাইকাৰী ব্যৱসায়ীসকলে পশ্চিমবংগৰ পৰা ব্ৰইলাৰ আমদানী নকৰাৰ সিদ্ধান্ত লোৱা বুলিও দাৱী কৰা পোৱা গৈছিল। ব্ৰইলাৰৰ পাইকাৰী ব্যৱসায়ীসকলৰ অনুৰূপে ব্ৰইলাৰৰ স্থানীয় খুচুৰা ব্যৱসায়ীসকলেও অনিৰ্দিষ্ট কালৰ বাবে ব্ৰইলাৰৰ মাংস বিক্ৰী বন্ধ কৰাৰো হুংকাৰ দিছিল। তাৰেই পৰিপ্ৰেক্ষিতত যোৱা দেওবাৰৰ পৰাই ধুবুৰীৰ বজাৰত নাছিল ব্ৰইলাৰৰ মাংস। উল্লেখ্য যে, ছাগলীয়াত ব্ৰইলাৰবাহী ট্ৰাকৰ পৰা গুণ্ডা টেক্স সংগ্ৰহ কৰি থকাৰ এই ঘটনাক কেন্দ্ৰ কৰি জিলাখনৰ পৰিবহন বিভাগকে ধৰি গোলকগঞ্জ আৰক্ষীৰ এছামৰ ভূমিকাক লৈও প্ৰশ্নচিহ্ন উত্থাপিত হৈছিল। এয়া ‘‘নিয়মীয়া বাৰ্তা’’ত সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতহে গা লৰিছিল প্ৰশাসনৰ। অৱশেষত জিলাখনৰ আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাতহে কালিৰ পৰা ধুবুৰীৰ বজাৰত ব্ৰইলাৰ মাংস উপলব্ধ হোৱাটো প্ৰায় নিশ্চিত হয়। ইফালে জিলাখনত চিণ্ডিকেটৰাজ উৎখাত কৰাৰ স্বাৰ্থত ছাগলীয়াৰ সেই সাম্প্ৰতিক গুণ্ডা টেক্সৰ আঁৰৰ মূল পাণ্ডাসকলক চিনাক্ত কৰাকে ধৰি ঘটনাটোক লৈ জিলাখনৰ পৰিবহন বিভাগৰ ভূমিকাক লৈ তদন্তৰ প্ৰয়োজন থকা বুলিও মত প্ৰকাশ কৰা পোৱা গৈছে বহুতেই। সমান্তৰালকৈ কোনো ধৰণৰ অৱৈধ চক্ৰক ধন প্ৰদান কৰাৰ যতি পৰাৰ পিছত ধুবুৰীৰ বজাৰত ব্ৰইলাৰৰ মাংসৰ দাম পূৰ্বৰ তুলনাত হ্ৰাস পাব বুলিও আশা কৰা হৈছে আৰু বিষয়টো লৈ প্ৰশাসনে দৃষ্টি ৰখাটোও বিছাৰিছে কৰিছে সৰ্বসাধাৰণ ৰাইজে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like