নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছি বামুন্দীত বলপূৰ্বক কিশোৰীৰ অশ্লীল ভিডিঅ নিৰ্মাণঃ ভুক্তভোগীৰ আত্মহত্যাঃ অভিযুক্তক জেললৈ প্ৰেৰণ

বিশেষ বাৰ্তা, ২ আগষ্ট : তিনি ধুৰন্ধৰ যুৱকে মিলি এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীৰ অশ্লীল ভিডিঅ প্ৰস্তুত কৰা ঘটনা পোহৰলৈ অহাত বংশৰ বৰবাৰী পাহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰক্ষীৰ সুত্ৰৰ পৰা জানিব পৰা মতে যোৱা ১২ জুলাইত এখন বিদ্যালয়ৰ ছাত্ৰী তথা কিশোৰীগৰাকী বিয়লি প্ৰায় ৩-৩০ বজাত ঘৰৰ পৰা টিউচনলৈ বুলি ওলাই আহে। শ্ৰীহাটী হাইস্কুলৰ সমীপত শুৱালকুছি কৈৱৰ্ত্ত পাৰাৰ কৃষ্ণ দাসৰ পুত্ৰ অৰ্জুন দাসে (১৯) ছাত্ৰীগৰাকীক ফুচলাই বাইকত উঠাই বামুন্দিৰ ধাৰেশ্বৰী মন্দিৰলৈ লৈ যায়। তাত পূৰ্ব পৰিকল্পিত অনুসৰি যুৱক জনৰ শিলগুৰিৰ নিপন দাস ( ১৯) আৰু ত্ৰিদিপ মজুমদাৰৰ (২০) লগ লাগে৷ তিনিও মিলি পৰিকল্পনা মতে ছাত্ৰীগৰাকীক ধাৰেশ্বৰী মন্দিৰৰ পাহাৰৰ ওপৰৰ নিৰ্জন ঠাইলৈ নিয়ে। পাহাৰৰ গছ গছনিৰ মাজৰ অলপ মুকলি ঠাইত কোনোৱে নেদেখাকৈ ছাত্ৰীগৰাকীক বিবস্ত্ৰ কৰি অশ্লীল ভিডিঅ প্ৰস্তুত কৰে৷ এই কাৰ্যত কিশোৰীগৰাকীয়ে বহুত বাধা দিয়ে যদিও কিশোৰীগৰাকীৰ কোনো বাধাই কাম নিদিলে৷ পিছত তিনি বন্ধুয়ে ছাত্ৰীগৰাকীৰ এই কথা কবলৈ মানা কৰে আৰু কলে ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দিয়ে।এইদৰে তিনি বন্ধুয়ে কিশোৰীগৰাকীক নিশালৈ পাহাৰত ৰাখি নিজৰ চৰিতাৰ্থ পুৰণ কৰি নিশা ৯ বজাত ঘৰৰ সমীপত নমাই থৈ যায়। ছাত্ৰীগৰাকীয়ে নিশাই ঘৰৰ সমীপৰ মহিলা এগৰাকীক সকলো কথা বিৱৰি কয়। মহিলাগৰাকীয়ে নিশাই কিশোৰীৰ মাতৃক সকলো ঘটনা জানিবলৈ পায়। উক্ত নিশাই ছাত্ৰীগৰাকীয়ে ঘটনাটিত বিবেক দংশন হৈ বিহ পান কৰে। বিহ পান কৰা গম পাই পৰিয়ালৰ লোকে ততাতৈয়াকৈ নিশা ১২ বজাত শুৱালকুছি চিকিৎসা লৈ আনে। ছাত্ৰীগৰাকীৰ স্বাস্হ্যৰ দ্ৰুত অৱনতি ঘটাত শুৱালকুছিৰ চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১৩ জুলাইত ছাত্ৰীগৰাকীৰ চিকিৎসাধীন অৱস্হাত মৃত্যু ঘটে।পৰিয়ালৰ লোকে এই সমস্ত ঘটনা উল্লেখ কৰি এক আগষ্টত শুৱালকুছি থানাত তিনি অভিযুক্তৰ বিৰুদ্ধে এখন এজেহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত শুৱালকুছিৰ আৰক্ষীয়ে ১০৩/২২ নম্বৰ এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৬৫/৩৫৪/৫০৬/৩৮৫/৩০৬/৩৪ আৰু পস্কো আইনৰ ৬ ধাৰাৰ অধীনত তিনি অভিযুক্তক নিশাই গ্ৰেপ্তাৰ কৰে ৷ আজি তেওঁলোকৰ স্বাস্হ্য পৰীক্ষা কৰাৰ অন্তত তিনিওজনকে ন্যায়ালয়ৰ জৰিয়তে জেললৈ প্ৰেৰণ কৰে। ইফালে সংঘটিত ঘটনাটিয়ে বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে উক্ত অঞ্চলত। এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক অকলশৰে দিনৰ পোহৰতে উঠাই নি বলপুৰ্বক অশ্লীল ভিডিঅ প্ৰস্তুত কাৰ্য যুৱ মানসিকতাৰ নৈতিক স্খলন বুলি মন্তব্য কৰিছে সচেতন মহলে। বিষয়টি দ্ৰুত আদালতত বিচাৰ কৰি অভিযুক্তক দৃস্টান্তমূলক শাস্তি দিবলৈ স্হানীয় ৰাইজে দাবী জনাইছে ৷

প্ৰেৰক দিলীপ মেধি

You might also like