নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰতে হ’ব প্ৰকাশন পৰিষদৰ গুৱাহাটী গ্ৰন্থমেলা, গ্ৰন্থ বিপণীৰ বাবে যোগাযোগৰ আহ্বান

নিয়মীয়া বাৰ্তা, ১২ নৱেম্বৰঃ অসম প্ৰকাশন পৰিষদৰ ৩৩সংখ্যক গুৱাহাটী গ্রন্থমেলা অহা ৩০ ডিচেম্বৰ, ২০২০ৰ পৰা ১০ জানুৱাৰী, ২০২১-লৈ বাৰদিনীয়া কাৰ্যসূচীৰে চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হব। ক’ভিড-১৯ অতিমাৰীৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি সকলাকে সাৱধানতা অৱলম্বন কৰি গ্রন্থমেলাৰ সমূহ কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাৰ পৰিকল্পনা গ্রহণ কৰা বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই এক বিবৃতিযোগে জানিবলৈ দিছে।

অহা ৩০ নৱেম্বৰৰ পাছত ক’ভিড-১৯ অতিমাৰীৰ কাৰণে আৰোপ কৰা বাধা-নিষেধ বহুখিনি শিথিল হোৱা সম্ভাৱনালৈ লক্ষ্য ৰাখি আপেক্ষিকভাৱে অনুকূল পৰিৱেশত পৰিষদে গ্রন্থমেলা আয়োজনৰ প্রস্তুতি আৰম্ভ কৰা বুলি উল্লেখ কৰা হৈছে। সেই অনুযায়ী ১৫ ডিচেম্বৰৰ পৰা চানমাৰি খেলপথাৰত মণ্ডপ নির্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।

এই গ্রন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্রকাশক তথা গ্রন্থ বিপণীসমূহে ১ ডিচেম্বৰৰ পৰা যোগাদানৰ আৱেদন পত্র সংগ্রহ কৰিব পাৰিব। এইক্ষেত্ৰত আবেদনকাৰীসকলে অসম প্রকাশন পৰিষদৰ কাৰ্যালয়ৰ পৰা নতুবা পৰিষদৰ ৱেবছাইট www.publicationboardassam.comৰ পৰাও এই আবেদনপত্র ডাউনলোড কৰিব পাৰিব বুলি জনাইছে অসম প্ৰকাশন পৰিষদে।

প্রকাশক তথা গ্রন্থ বিপণীসমূহে অহা ১০ ডিচেম্বৰ, ২০২০ৰ ভিতৰত পৰিষদৰ কার্যালয়ত আবেদনপত্র জমা দিব লাগিব। ডাকযোগে প্রেৰণ কৰা আৱেদন পত্র গ্রহণৰ অন্তিম তাৰিখ ১২ ডিচেম্বৰ, ২০২০। উল্লেখ্য, ক’ভিড-১৯ৰ ফলত গ্রন্থ ব্যৱসায়ীসকলৰ ব্যৱসায়িক দিশত হোৱা ক্ষতিৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী গ্রন্থমেলাত অংশগ্রহণ কৰিব খোজা প্রকাশক তথা গ্রন্থ বিপণী আবণ্টনৰ নিৰিখৰ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰাৰ চিন্তাও পৰিষদে কৰিছে।

You might also like