নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিঃ কর্তৃপক্ষৰ ঘোষণা: অনলাইন–অফলাইন যোগে হ’ব স্নাতক স্নাতকোত্তৰ পৰীক্ষা

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ মহামাৰী ক’ৰোনাই সৃষ্টি কৰা জটিল পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই অনলাইনযোগে পৰীক্ষা পতাৰ দাবীৰ প্রতি সঁহাৰি জনাইছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷ সেই অনুসৰি এইবাৰ অনলাইনৰ জৰিয়তে পৰীক্ষা পতাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয় কর্তৃপক্ষই৷

অৱশ্যে অনলাইন–ফলাইন দুয়োটা মাধ্যমতে হ’ব স্নাতক পর্যায়ৰ পৰীক্ষা৷ ছাত্র–ছাত্রীয়ে নিজৰ সুবিধা অনুযায়ী নির্বাচন কৰিব পাৰিব পৰীক্ষাৰ মাধ্যম৷ বিশ্ববিদ্যালয় কর্তৃপক্ষই কালি ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব স্নাতক পর্যায়ৰ পৰীক্ষা৷ আনহাতে অহা ২৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব স্নাতকোত্তৰ পর্যায়ৰ পৰীক্ষা৷

You might also like