নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউত পিষ্টলসহ দুই যুৱক আটক

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তর্গত কাকতীবাৰী ট্ৰলী আলি অঞ্চলৰ পৰা কালি সন্ধিয়া অস্ত্রসহ দুজন যুৱকক আৰক্ষী আৰু আছাম ৰাইফলছে আটক কৰে৷ জানিব পৰা অনুসৰি, আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে গোপন সূত্রে ডাম্পাৰত অস্ত্রসহ দুজন যুৱক আহি থকা বুলি লাভ কৰা খবৰৰ ভিত্তিত সোণাৰি থানাৰ আৰক্ষীৰ দল আৰু সোণাৰিৰ বানফেৰাত শিবিৰ পাতি থকা আছাম ৰাইফলছৰ এটা দলে কাকতীবাৰী ট্ৰলী আলিত তালাচী চলায়৷ কাকতীবাৰী–টিমন–ৰ পথেৰে সন্ধিয়া প্রায় ৭.৪০ বজাত ৰাজগড়ৰ পৰা কাকতীবাৰী অভিমুখে আহি থকা তিনিখন ডাম্পাৰত তালাচী চলোৱাৰ সময়তে এটা পইণ্ট ২.২ ৰাইফলসহ দুজন যুৱকক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয়৷

অভিযানকাৰী দলটোৱে আটক কৰা যুৱক দুজন হৈছে চৰাইদেউ জিলাৰ কাকতীবাৰী থানাৰ অন্তর্গত টিমন হাতীবন্ধা গাঁও নিৱাসী প্রদীপ বৰাৰ পুত্র জানমণি ওৰফে জোন ওৰফে অজিত ওৰফে ধনীৰাম বৰা (২৪) আৰু তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তর্গত স্বর্গীয় অজিত মৰাণৰ পুত্র কামাখ্যা মৰাণ (২৬)ক আটক কৰি কাকতীবাৰী থানালৈ লৈ আহে৷ ঘটনাৰ খবৰ পাই চৰাইদেউ জিলা আৰক্ষী প্রশাসনৰ উচ্চপদস্থ আৰক্ষী আৰু আছাম ৰাইফলছৰ বিষয়াৰ দলে যুৱক দুজনক সোধা–পোছা অব্যাহত ৰাখিছে৷

You might also like