নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বায়ুসেনাক অর্পণ কৰিব ৰাফেল যুদ্ধ বিমান

নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আজি ভাৰতীয় বায়ুসেনাক আনুষ্ঠানিকভাৱে প্রদান কৰা হ’ব ফ্রান্সৰ পৰা ইতিমধ্যে আহি পোৱা ৫খন ৰাফেল যুদ্ধ বিমান৷ হাৰিয়ানাৰ আম্বালা বিমান ঘাটিত আজি আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং আৰু ফ্রান্সৰ প্রতিৰক্ষা মন্ত্রী ফ্ল’ৰেন্স পার্লি৷

স্মর্তব্য যে ২৯ জুলাইত ৰাফেল যুদ্ধ বিমানকেইখন আম্বালাৰ ঘাটিলৈ ফ্রান্সৰ পৰা অনা হৈছিল৷ কাইলৈৰ অনুষ্ঠানত সর্বধর্ম প্রার্থনাৰ লগতে ৰাফেল আছু তেজছ যুদ্ধ বিমানে যুদ্ধকলা প্রদর্শন কৰিব৷ ভাৰত আৰু ফ্রান্সৰ প্রতিনিধিবর্গৰ মাজত এখন দ্বিপাক্ষিক বৈঠকো অনুষ্ঠিত হয়৷ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতেও ফৰাচী প্রতিৰক্ষামন্ত্রী পার্লিৰ এখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা৷ আজি আম্বালাত উপস্থিত থাকিব চিডিএছ জেনেৰেল বিপিন ৰাৱাট আৰু বায়ুসেনাপ্রধান এয়াৰ চীফ মার্শ্বাল আৰ কে এছ ভাডাউৰিয়া৷

You might also like