নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

INDvsENG : লর্ডছ টেষ্টত যুঁজ দিও ২২ ৰানত পৰাস্ত টীম ইণ্ডিয়া

🔹 INDvsENG : লর্ডছ টেষ্টত যুঁজ দিও ২২ ৰানত পৰাস্ত টীম ইণ্ডিয়া

🔹 ইংৰাজ বলাৰক ঢোকে ঢোকে পানী খুৱালে জাদেজাই 

নিউজ ডেস্ক, ১৫ জুলাই : লর্ডছ টেষ্টত যুঁজ দিও হাৰিল টীম ইণ্ডিয়া৷ খেলখনৰ অন্তিম দিনা জাদেজা, বুমৰাহ আৰু ছিৰাজে মৰণপণ যুঁজ দিয়াৰ পিছতো ভাৰতীয় দলটোৱে জয়ৰ সোৱাদ নাপালে। অৱশ্যে অন্তিম সময়ত তুলনামূলকভাৱে জয় সহজ হৈ পৰা ইংৰাজ দলটোৰ বলাৰক ঢোকে ঢোকে পানী খুৱায় ভাৰতীয় দলটোৰ নিৰ্ভৰযোগ্য অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাই। এণ্ডাৰছন–তেণ্ডুলকাৰ ট্রফী পাঁচখনীয়া টেষ্ট শৃংখলাৰ লর্ডছত অনুষ্ঠিত ৰোমাঞ্চকৰ তৃতীয়খন টেষ্টত ২২ ৰানত পৰাস্ত হয় শুভমন গিল বাহিনী৷ লর্ডছ টেষ্টত বিজয় সাব্যস্ত কৰি ঘৰুৱা দল ইংলেণ্ডে শৃংখলাটোত ২–১ৰ গুৰুত্বপূর্ণ অগ্রগতি লাভ কৰিছে৷

ইংৰাজ বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ১৯৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি চতুর্থ দিনৰ খেলৰ অন্তলৈকে ৫৮ ৰানত চাৰিটাকৈ উইকেট হেৰুৱাই বিপর্যয়ত পৰিছিল ভাৰতীয় দলটো৷ কালি পঞ্চম তথা অন্তিম দিনা ইনিংছ মুকলি কৰিবলৈ আহি ভাৰতীয় দলটোৱে দলীয় স্ক’ৰত ১১২ ৰান সংযোগ কৰি বাকী ৬টা উইকেট হেৰুৱায়৷ টীম ইণ্ডিয়াই ১৭০ ৰানত দ্বিতীয় ইনিংছ সামৰিবলৈ বাধ্য হয়৷ আগদিনা ৩৩ ৰানত অপৰাজিত হৈ থকা লোকেশ ৰাহুলে কালি ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷ ৩৯ ৰানত বিদায় লয় ষ্টাইলিষ্ট বেটাৰগৰাকীয়ে৷ ঋষভ পণ্টেও বিশেষ উন্নত বেটিং প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ তাৰকা উইকেটকীপাৰ–বেটাৰগৰাকীয়ে মাত্র ৯ ৰান কৰি পেভিলিয়নমুখী হয়৷ ৰবীন্দ্র জাদেজাৰ বাহিৰে দলটোৰ বাকী বেটাৰসকলে ইংলেণ্ডৰ বলাৰৰ সন্মুখত ক্রিজত অধিক সময় তিষ্ঠিব নোৱাৰিলে৷

জাদেজাই প্রাচীৰ ৰূপে থিয় দিয়ে যদিও বাকীসকল বেটাৰৰ পৰা যোগ্য সহযোগ নোপোৱাৰ বাবে টেষ্টখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ভাৰতীয় দলটোৱে৷ ফলত অথলে যায় জাদেজাৰ সংগ্রামী ইনিংছ৷ অলৰাউণ্ডাৰগৰাকীয়ে ১৮১টা বলত ৪টা চাৰি আৰু ১টা ছয়েৰে ৬১ ৰান কৰি অপৰাজিত হৈ থাকে৷ ৱাশ্বিংটন সুন্দৰে ০, নীতিশ কুমাৰে ১৩, বুমৰাহে ৫ আৰু চিৰাজে ৪ ৰান কৰে৷ ইংলেণ্ডৰ হৈ আর্চাৰ আৰু ষ্ট’কছ উভয়ে ৩টাকৈ, ব্রাইডনে ২টা, ৱ’কছ আৰু ছোৱাইব বছিৰে ১টাকৈ উইকেট লাভ কৰে৷ শৃংখলাৰ চতুর্থখন টেষ্ট ২৩ জুলাইৰ পৰা মানচেষ্টাৰত অনুষ্ঠিত হ’ব৷

You might also like