নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববি: স্নাতকোত্তৰ ছাত্র সন্থাই এবিভিপিক নিষিদ্ধ কৰা সিদ্ধান্ত হাস্যকৰ-অসাংবিধানিক : হেৰল্ড মহন

বিশেষ বাৰ্তা, ২৪ মার্চ : গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ, অসম প্রদেশে যোৱা ১৮ মার্চত এক ছাত্র নেতা সন্মিলন আয়োজন কৰি থকাৰ সময়ত একাংশই অসমৰ সাহস আৰু স্বাভিমানৰ প্রতীক লাচিত বৰফুকনৰ প্রতিচ্ছবি, মা কামাখ্যা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফটো জ্বলাই দিছিল৷ ইয়াৰ বিৰুদ্ধে সমগ্র অসমত বিদ্যার্থী পৰিষদৰ কার্যকর্তাসকলে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ এক বিবৃতিত এবিভিপিয়ে কয় যে ইতিমধ্যে বিশ্ববিদ্যালয়ৰ যি স্থানত লাচিত বৰফুকনৰ প্রতিচ্ছবি জ্বলাই দিয়া হৈছিল, সেই স্থানতেই বিদ্যার্থী পৰিষদৰ উদ্যোগত এটি লাচিত বৰফুকনৰ সুউচ্চ প্রতিমূর্তি নির্মাণৰ ঘোষণা কৰা হৈছে৷ বিশ্ববিদ্যালয়ৰ চৌহদৰ ভিতৰত এবিভিপি–এ লাচিত বৰফুকনৰ প্রতিমূর্তি নির্মাণৰ কথা ঘোষণা শুনাৰ লগে লগেই একাংশ নিজকেই বিশ্ববিদ্যালয়ৰ সর্বশক্তিমান বুলি ভবা ছাত্র নেতা জাঙুৰ খাই উঠে৷ হঠাৎ তেওঁলোকে নিজৰ অগণতান্ত্রিক চৰিত্রটি সমাজৰ আগত দাঙি ধৰি অকর্তৃত্বশীলভাৱে বিশ্ববিদ্যালয়ৰ চৌহদত বিদ্যার্থী পৰিষদক নিষিদ্ধ বুলি ঘোষণা কৰা দৃষ্টিগোচৰ হৈছে৷ ৩০ গৰাকী ছাত্রই কৰা হিংসাক যেনেদৰে বিশ্ববিদ্যালয়ৰ ছাত্র সমাজৰ নাম দিব পৰা নাযায়, ঠিক একেদৰে কেইজনমান ছাত্রৰ এটা সিদ্ধান্ত কেতিয়াও বিশ্ববিদ্যালয়ৰ সিদ্ধান্ত হ’ব নোৱাৰে৷ বিশ্ববিদ্যালয়ৰ সকলো সিদ্ধান্ত গ্রহণ কৰিবলৈ বিশ্ববিদ্যালয় প্রশাসন আছে৷ দুজন বা চাৰিজনৰ এক সিদ্ধান্ত কেতিয়াও বিশ্ববিদ্যালয়ৰ ছাত্র সমাজৰ সিদ্ধান্ত বুলি গ্রহণ কৰা নহয়৷ উল্লেখযোগ্য যে এখন ছাত্র একতা সভাই ছাত্র সমাজৰ সমস্যা, অভাৱ-অভিযোগসমূহ সমাধানত সর্বাধিক গুৰুত্ব আৰোপ কৰিব লাগে, আৰু সেইবোৰেই তেওঁলোকৰ প্রধান দায়িত্ব আৰু কর্তব্য৷ কিন্তু ছাত্র একতা সভাৰ একাংশ সদস্যই নিজৰ সেই দায়িত্বৰ পৰা আঁতৰি কেৱল নিজৰ দল আৰু সংগঠনৰ প্রৰোচনাত বিদ্যার্থী পৰিষদক আক্রমণ কৰাটোৱেই নিজৰ দায়িত্ব আৰু কর্তব্য জ্ঞান কৰি আহিছে৷ এটি ছাত্র সংগঠনক গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাই বিশ্ববিদ্যালয়ৰ চৌহদত নিষিদ্ধ ঘোষণা কৰাৰ  অধিকাৰ নাই৷ কাৰোবাক নিষিদ্ধ কৰিবলৈ তেওঁলোক বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, নে উপাচার্য, নে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কার্যবাহী পৰিষদৰ সদস্য, নে চৰকাৰ? অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ পঞ্জীকৃত এটা ৰাষ্ট্রীয় সংগঠন৷ স্নাতকোত্তৰ ছাত্র সন্থাৰ নামত দুই-চাৰিজন ছাত্র–ছাত্রীয়ে ৰাজনীতি কৰি কোনো সংগঠনক নিষিদ্ধ ঘোষণা কৰাৰ অধিকাৰ নাই৷ বিশ্ববিদ্যালয়খন কাৰো পৈতৃক সম্পত্তি নহয় বুলি আজি বিদ্যার্থী পৰিষদৰ অসম প্রদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহনে বিবৃতিটোত উল্লেখ কৰে৷ লগতে তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয় সমগ্র অসম আৰু অসমীয়াৰ আৱেগৰ এক অনুষ্ঠান, তাত কোন থাকিব, কোন নাথাকে সেয়া নির্ণয় কৰাৰ অধিকাৰ কেইজনমান ছাত্রৰ হাতত নাই৷ যিয়ে নেকি লাচিত বৰফুকনক অপমান কৰিব পাৰে, আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতিচ্ছবি জ্বলোৱা আৰু তেওঁলোকক ৰক্ষণাবেক্ষণ দিব পাৰে, তেওঁলোক প্রকৃত অসমীয়া আৰু প্রকৃত বিশ্ববিদ্যালয়ৰ ছাত্র হ’বই নোৱাৰে৷ তেওঁলোকে লাচিত বৰফুকনৰ প্রতিকৃতি নির্মাণ কৰিবলৈ যিমানেই বাধা নিদিয়ক কিয়, বিদ্যার্থী পৰিষদে তাত লাচিত বৰফুকনৰ প্রতিমূর্তি নির্মাণ কৰিবই৷

You might also like