নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আধ্যাত্মিক দিশে শান্তি প্ৰদান কৰে সকলোকে’

🔹 আজ্ঞাঠুৰি অগ্নিবানেশ্বৰ দেৱালয়ত মহাৰুদ্ৰ যজ্ঞৰ সামৰণিত হেমন্ত চৌধুৰী

বিশেষ বাৰ্তা,  ২৪ মাৰ্চ : কামৰূপৰ আজ্ঞাঠুৰিৰ অগ্নিবানেশ্বৰ দেৱালয়ত বিশ্বশান্তিৰ বাবে ২২ মাৰ্চৰ পৰা আয়োজন কৰা মহাৰুদ্ৰ যজ্ঞৰ আজি সামৰণি পৰে ৷ আজি সামৰণী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে যজ্ঞৰ পূৰ্ণাহুতি প্ৰদান কৰে ৷ এই উপলক্ষে দিয়া চমু ভাষণত তেওঁ আধ্যাত্মিক দিশে সকলোকে শান্তি প্ৰদান কৰাৰ লগতে ভাতৃত্ববোধৰ এক পৰিচয় দাঙি ধৰে বুলি উল্লেখ কৰে ৷ দদৰা, দলিবাৰী আৰু আজ্ঞাঠুৰি অঞ্চলৰ ৰাইজে ঐতিহ্যপূৰ্ণ আৰু ইতিহাস প্ৰসিদ্ধ অগ্নিবানেশ্বৰ দেৱালয়ক দেশ-ৰাজ্যৰ ভিতৰতে এখন মৰ্যাদাপূৰ্ণ দেৱালয় হিচাপে গঢ় দিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ আজি মহাৰুদ্ৰ যজ্ঞ উপলক্ষে প্ৰকাশ পোৱা “অগ্নিবানেশ্বৰ“ নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ ইতিহাস সংকলন সমিতিৰ আহ্বায়ক ড° বিপিন চন্দ্ৰ কলিতাই ৷ উপস্থিত থাকে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক উপেন্দ্ৰজিত শৰ্মা ৷ অনুষ্ঠানটিৰ আঁত ধৰে উদযাপন সমিতিৰ সম্পাদক দিবাকৰ কলিতাই ৷ ইয়াৰ পূৰ্বে ২২ মাৰ্চত যজ্ঞধ্বজা উত্তোলন কৰে কাৰ্যকৰী সভাপতি পতিৰাম বৈশ্যই ৷ বৃক্ষৰোপণ কৰে তনুৰাম কলিতা, মদন শৰ্মা, প্ৰাণেশ্বৰ ৰাজবংশী, ডা: দেৱেন্দ্ৰ কলিতা আৰু বিশ্বেশ্বৰ দাসে ৷ যজ্ঞ মণ্ডপ উদ্বোধন কৰে বাবা দীপক কুমাৰ পণ্ডিতে আৰু কমলেন্দ্ৰ কলিতাই ৷ নিশা নাগাৰা নাম পৰিৱেশন কৰে ৰামচৰণ ভৰালীয়ে ৷ ২৩ মাৰ্চত ধৰ্মধ্বজা উত্তোলন কৰে আচাৰ্য হৰগোবিন্দ শৰ্মাই ৷ ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে পুৰোহিত পংকজ শৰ্মাই ৷ বন্তি প্ৰজ্বলন কৰে দিনমণি ভাণ্ডাৰ কায়স্থ আৰু ডা: আপোনজ্যোতি দাসে ৷

প্ৰেৰক দিলীপ মেধি

You might also like