নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এখন হাত-দুই ভৰি অবিহনে এভাৰেষ্টৰ বেছ কেম্পত গোৱাৰ টিংকেশ কৌশিক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ মে’ : হিমালয়সদৃশ আত্মবিশ্বাস, প্রশান্ত মহাসাগৰৰ দৰে গভীৰ মানসিক দৃঢ়তা থাকিলে শাৰীৰিক সীমাবদ্ধতাৰ সীমা সীমিত হৈ পৰে৷ গোৱাৰ ৩০ বছৰীয়া যুৱক টিংকেশ কৌশিকৰো শৰীৰটো অকল্পনীয়ভাৱে সীমাবদ্ধতাৰে ভৰা৷ কিন্তু শাৰীৰিক অক্ষমতাক জীৱনযুদ্ধৰ বাটত বাধা হিচাপে কেতিয়াও লোৱা নাছিল যুৱকজনে৷ ইয়াৰ বিপৰীতে নিজৰ মাজত তৰপে তৰপে বান্ধি লৈছিল আত্মবিশ্বাসৰ বিশাল হিমালয়খন৷ মানসিক দৃঢ়তাও ক্রমান্বয়ে গভীৰৰ পৰা গভীৰতৰ হৈ পৰিছিল৷ সেই শক্তিৰেই যুৱকজনে পৃথিৱীৰ সর্বোচ্চ শৃংগ এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে৷ টিংকেশ কৌশিকৰ শাৰীৰিক সীমাবদ্ধতা আন দহজনৰ দৰে নহয়৷ তেওঁৰ শৰীৰৰ তিনিটা প্রধান অংগই কৃত্রিম৷ আঁঠুৰ পৰা তললৈ দুয়োখন ভৰি কৃত্রিম আৰু এখন হাতো কৃত্রিমভাৱে লগোৱা৷ টিংকেশৰ বয়স ৯ বছৰ থকা সময়তে বিদ্যুতৰ পৰশ লাগি দুয়োখন ভৰি আৰু হাতখনৰ তেনে দুৰৱস্থা হয়৷ তেতিয়াৰে পৰা জীৱনটো দুর্যোগৰ মাজত সোমাই পৰা টিংকেশ কিন্তু আছিল বেলেগ ধাতুৰে গঢ়া৷ কোনো কাৰণতে শাৰীৰিক সীমাবদ্ধতাৰ ওচৰত আত্মসমর্পণ কৰিব নিবিচৰা টিংকেশে সময়ৰ গতিত তিল তিলকৈ মানসিক শক্তি আৰু আত্মবিশ্বাসৰ ভেটিটো গঢ়ি তোলে৷ ক্ষতিগ্রস্ত ভৰি দুখনৰ ঠাইত আঁঠুৰ পৰা তললৈ কৃত্রিম ভৰি সংযোজিত হয়৷ একেদৰে কাটি পেলাবলগীয়া হোৱা হাতখনতো কৃত্রিম অংগই ঠাই লয়৷ তেনেদৰে সময় অতিবাহিত কৰা টিংকেশে সীমাবদ্ধতাৰে ভৰা শৰীৰটোক প্রত্যাহ্বান হিচাপে লৈ এনে এটা পেছাত জড়িত হৈ পৰে যাক কল্পনাও কৰিব নোৱাৰি৷ সময়ৰ গতিত টিংকেশ হৈ পৰে ফিটনেছ ক’চ৷ ইয়াৰ মাজতে তেওঁ মন বান্ধি লয় এদিন এভাৰেষ্ট জয় কৰিব৷ সীমাহীন সীমাবদ্ধতাৰে পৰিপূর্ণ শৰীৰটোৱে ইয়াৰ অনুমতি নিদিলেও তেওঁ এটা মুহূর্তৰ বাবেও দুর্বল হৈ পৰা নাছিল৷ কম সময়ৰ ভিতৰতে টিংকেশৰ জীৱনলৈ বাঞ্ছিত সাফল্য আহিল৷ তেওঁ হৈ পৰিল এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হোৱা তিনিটা কৃত্রিম অংগৰ প্রথমগৰাকী ব্যক্তি৷ টিংকেশে অসম্ভৱকো সম্ভৱ কৰি সমুদ্রপৃষ্ঠৰ পৰা ১৭,৫৯৮ ফুট উচ্চতাৰ এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হয়৷ এই কঠিন যাত্রাৰ যোৱা ১১ মে’ত সমাপ্ত হয়৷ এই সন্দর্ভত টিংকেশে সংবাদ মাধ্যমৰ আগত এইদৰে কয়– ‘প্রথমতে মই ভাবিছিলো এজন ফিটনেছ ক’চ হিচাপে যাত্রাটো সহজ হ’ব৷ কিন্তু যাত্রাটোৰ বাবে প্রস্তুতি আৰম্ভ কৰোতে মই বুজি উঠিলো যে এয়া তেনেই প্রত্যাহ্বানজনক কাম৷’ তেওঁ পুনৰ কয়– ‘পর্বতাৰোহণৰ কোনো অভিজ্ঞতা মোৰ নাছিল৷ বেছ কেম্পলৈ যোৱাৰ পূর্বেহে পর্বতাৰোহণৰ প্রস্তুতি চলাইছিলো৷ মই পেছাগতভাৱে এজন ফিটনেছ ক’চ৷ সেয়ে ভাবিছিলো এইটো মোৰ বাবে এটা সহজ যাত্রা হ’ব৷’ যাত্রাটো সন্দর্ভত এইদৰে মনৰ বতৰা সংবাদ মাধ্যমৰ আগত তুলি ধৰা টিংকেশ কৌশিকে প্রস্তুতিৰ সময়ছোৱাত লাভ কৰা অভিজ্ঞতাৰ কথাও অকপটে ব্যাখ্যা কৰে৷ তেওঁ কয় যে যেতিয়া মই এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হোৱাৰ লক্ষ্যৰে প্রস্তুতি আৰম্ভ কৰিছিলো, আৰম্ভণিৰ সেই সময়ছোৱা মোৰ বাবে আছিল যন্ত্রণাদায়ক৷ মোৰ দৰে কৃত্রিম অংগৰে চলিবলগীয়া হোৱা এজন ব্যক্তিৰ বাবে পর্বতাৰোহণৰ প্রস্তুতি কল্পনাৰো অগোচৰ আছিল৷ শৰীৰটোৱে সেই পর্যায়ৰ কষ্ট তথা অনুশীলনক সহ্য কৰিব পৰা নাছিল৷ ‘যাত্রাটো প্রত্যাহ্বানজনক হ’ব সেইটো মই প্রথমতেই অনুভৱ কৰিব পাৰিছিলো৷ দ্বিতীয় দিনাই মই নিজকে কৈছিলো– মই সেইটো কৰিবই লাগিব৷ কামটো সম্ভৱ৷’– তেওঁ এইদৰে কয়৷ ইফালে, এভাৰেষ্টৰ বেছ কেম্পলৈ যাত্রাৰ মাজতে তেওঁ জ্বৰ (মাউণ্টেইন বাউট)ত ভুগিবলগীয়া হৈছিল৷ এভাৰেষ্টৰ বেছ কেম্পত উপস্থিত হোৱাৰ পৰৱর্তী দিনটো টিংকেশ কৌশিকে এটা কথাকেই সামাজিক মাধ্যমৰ জৰিয়তে প্রকাশ কৰে– মোৰ মানসিক শক্তিৰ বাবেহে এই যাত্রা সম্ভৱ হৈছে৷ উল্লেখ্য যে টিংকেশৰ দুর্ঘটনাটো হাৰিয়ানাত সংঘটিত হৈছিল৷ তাৰ পিছত তেওঁ গোৱালৈ গুছি যায়৷ টিংকেশৰ এই সাফল্যত এতিয়া গৌৰৱান্বিত হৈ পৰিছে গোৱাবাসী৷ ডিজেবিলিটি ৰাইটছ এছ’চিয়েছন অব গোৱাৰ প্রধান এভেলিনো ডিচুজাই এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত আনন্দ প্রকাশ কৰি কয় যে টিংকেশৰ সাফল্য গোৱাৰ সাফল্য৷

You might also like