মহানগৰীৰ সমীপৱৰ্তী সোণাপুৰত দেওবাৰে বিয়লি ভাগত বন্ধুৰ সৈতে ডিগাৰু নৈত গা ধুবলৈ গৈ এজন যুৱক সন্ধানহীন হৈ আছে ৷ ঘটনা অনুসৰি গুৱাহাটীৰ জাপৰিগোগৰ ধনমণি তালুকদাৰ নামৰ ২১ বছৰীয়া যুৱকজনে কেইজনমান বন্ধুৰ সৈতে সোণাপুৰ থানাৰ অন্তৰ্গত মৌপুৰলৈকে বনভোজ খাবলৈ গৈছিল ৷ বিয়লি ভাগত বন্ধুৰ সৈতে ধনমণিয়ে ডিগাৰু নৈত গা ধুবলৈ যায় ৷ সেই সময়তে ধনমণি পিছলি পানীত উটি যায় ৷
সমনীয়াই বহু চেষ্টা কৰিও ধনমণি তালুকদাৰক উদ্ধাৰ কৰিব নোৱাৰিলে ৷ ঘটনাৰ পিছতে সোণাপুৰ আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য চলায় যদিও যুৱকজনৰ কোনো সন্ধান নাপালে ৷ ইপিনে, আজিও উদ্ধাৰ কাৰ্য চলাই আছে যদিও বাতৰি লিখা পৰলৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই ৷