নিয়মীয়া বাৰ্তা, ১ জুলাইঃ গুৱাহাটীত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে। গুৱাহাটীৰ পৰিস্থিতি বৰ্তমান সংকটমুক্ত নহয়। পূৰ্বতকৈ বেছি ভয়াৱহ ৰূপ লৈছে ক’ৰোনাই।
আজি জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত ২৪জুনৰ পৰা ১ জুলাইৰ ভিতৰত গুৱাহাটী মহানগৰীত প্ৰায় ১৪০০ গৰাকী লোক আক্ৰান্ত হৈছে। তেওঁ লগতে কয় যে ২৪জুনৰ পৰা ৩০জুনৰ ভিতৰত ১২১২টা পজিটিভ কেছ পোৱা গৈছিল। আৰু আজি নতুনকৈ আক্ৰান্ত হোৱা ১৫৭টা পজিটিভ কেছ পোৱা গৈছে গতিকে গুৱাহাটীত প্ৰায় ১৪০০জন আক্ৰান্ত গৈছে এই ভাইৰাছত।