নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিত জনৰোষত কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰী

🔹 মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ

বিশেষ বাৰ্তা, ২০ এপ্ৰিল : বৰাক উপত্যকাৰ হাইলাকান্দিত ৰাইজৰ ৰোষৰ সন্মুখীন হয় কৰিমগঞ্জৰ কংগ্ৰেছ প্ৰাৰ্থী হাফিজ ৰছিদ আহমদ চৌধুৰী। নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱা কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ গাড়ীক বাধা প্ৰদান কৰি ৰাইজে মুৰ্দাবাদ ধ্বনিৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে। ৰাইজৰ উত্তেজিত ৰূপ দেখি কংগ্ৰেছ প্ৰাৰ্থীজনে নিৰ্বাচনী প্ৰচাৰ আধৰুৱা কৰি ঘটনাস্থলী ত্যাগ কৰে। নিৰ্বাচনী প্ৰচাৰ তুংগত উঠাৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থীজন বিভিন্ন বিতৰ্কত সোমাই পৰিছে। বৰাকৰ এটি খিলঞ্জীয়া জনগোষ্ঠীৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ আৰু অপমানজনক মন্তব্য কৰি কংগ্ৰেছ প্ৰাৰ্থীজন ইতিমধ্যে জনৰোষৰ সন্মুখীন হৈছে। কংগ্ৰেছ প্ৰাৰ্থীজনৰ সন্মুখতে এজন দলীয় নেতা তথা অধিবক্তাই ভোটদানৰ সময়ত প্ৰয়োজনবোধে ভোটকেন্দ্ৰ দখল আৰু দাদাগিৰি কৰিবলৈ উচটনি প্ৰদান কৰা ভিডিঅ’ক লৈও সমষ্টিটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

You might also like