নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মেট্ৰিকত ৯৭ শতাংশৰে উজলিল পাঠশালাৰ অনুৰণন তালুকদাৰ

নিয়মীয়া বাৰ্তা,  ২০ এপ্ৰিল : আজি ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কৃতি শিক্ষাৰ্থী অনুৰণন তালুকদাৰে ৯৭ শতাংশ নম্বৰ লাভ কৰি শিক্ষানুষ্ঠানখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে অসমৰ শৈক্ষিক মানচিত্ৰত অনবদ্য অৱদান আগবঢ়াই অহা নামনি অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ কৃতি শিক্ষাৰ্থী অনুৰণনে ইংৰাজীত ১০০ নম্বৰ, সমাজ বিজ্ঞানত ১০০ নম্বৰ, উচ্চ গণিতত ১০০ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৮, অসমীয়াত ৯৫ আৰু সাধাৰণ গণিতত ৮৯ নম্বৰেৰে মুঠ ৫৮২ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ বজালী জিলাৰ হাঠিনপুৰ নিৱাসী তথা পাকা মৌজা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহ: শিক্ষক বনমালী তালুকদাৰ আৰু পাৰুল তালুকদাৰৰ পুত্ৰ অনুৰণনে ভৱিষ্যতে এগৰাকী সু-শিক্ষক হ’বলৈ আশা পুহি ৰাখিছে৷ তেওঁৰ এই সাফল্যত সন্তোষিত হৈছে পৰিয়ালৰ লগতে শিক্ষাগুৰুসকল৷ উল্লেখ্য যে আজি ঘোষিত ফলাফলত আনন্দৰাম বৰুৱা একাডেমীৰ ২৩গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংচন, ২১গৰাকীয়ে ষ্টাৰসহ ১০৫গৰাকীয়ে প্ৰথম বিভাগ, ৩৭গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ৪গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ আনহাতে, লেটাৰ নম্বৰ লাভ কৰে ক্ৰমে ইংৰাজীত ৬৩, অসমীয়াত ৩৭, সাধাৰণ গণিতত ১৬, সাধাৰণ বিজ্ঞানত ৩৯, সমাজ বিজ্ঞানত ৭৩, উচ্চ গণিতত ৩০, কম্পিউটাৰ বিজ্ঞানত ৬, সংস্কৃতত ৩ আৰু হিন্দীত এগৰাকী শিক্ষাৰ্থীয়ে৷ তদুপৰি বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰে ক্ৰমে অনুৰণন তালুকদাৰ (ইংৰাজী, সমাজ বিজ্ঞান, উচ্চ গণিত), হৰ্ষ দাস (উচ্চ গণিত, সমাজ বিজ্ঞান), বিতোপন কলিতা (উচ্চ গণিত), কৌস্তৱ তালুকদাৰ (উচ্চ গণিত) আৰু ৰ’দ অনুৰূপ দাস (উচ্চ গণিত)৷ শিক্ষানুষ্ঠানখনৰ এই ফলাফলত আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা পৰিচালন সঞ্চালক ড৹ ৰণজিৎ ডেকা আৰু ছিনিয়ৰ ছেকেণ্ডাৰী শাখাৰ অধ্যক্ষ নন্দিতা বৰ্মন ডেকাই যথেষ্ট সুখ অনুভৱ কৰি ইয়াৰ বাবে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ অৱদানৰ কথা ব্যক্ত কৰি কৃতী শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like